ETV Bharat / state

আমগুৰিত ক’ভিড পৰীক্ষাৰ নামত হাৰাশাস্তিৰ অভিযোগ

author img

By

Published : Aug 15, 2021, 10:58 AM IST

শিৱসাগৰৰ আমগুৰিত ক’ভিড পৰীক্ষা(Covid Test)ৰ নামত ম’ৰাবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ(Morabazar BPHC Primary Health Centre)ৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ ৷ ক’ভিড নিগেটিভৰ চাৰ্টিফিকেটৰ লগতে ক’ভিড ভেকচিন দিয়াৰ পাচতো এটা পৰিয়ালক ক’ভিড পজিটিভ বুলি চিনাক্ত কৰিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীয়ে ৷

negligence-in-covid-test
ক’ভিড পৰীক্ষাৰ নামত হাৰাশাস্তিৰ অভিযোগ

আমগুৰি, 15 আগষ্ট : ৰাজ্যত ক’ভিড(Covid) পৰীক্ষাৰ নামত কি চলিছে ? ক’ভিড পজিটিড আৰু নিগেটিভক লৈ হাৰাশাস্তিৰ সন্মুখীন হৈছে নেকি সৰ্বসাধাৰণ? ক’ভিড পৰীক্ষাৰ নামত স্বাস্থ্য বিভাগে কৰিছে নেকি হেমাহি ? কিয়নো শিৱসাগৰত ক’ভিড পৰীক্ষাৰ নামত সৃষ্টি হৈছে তেনে এক পৰিস্থিতিৰ ৷

শিৱসাগৰৰ আমগুৰিত ক’ভিড পৰীক্ষা(Civid Test)ৰ নামত এইবাৰ হাৰাশাস্তিৰ অভিযোগ উঠিছে ম’ৰাবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ(Morabazar BPHC Primary Health Centre)ৰ বিৰুদ্ধে ৷ ক’ভিড নিগেটিভৰ চাৰ্টিফিকেট আৰু ক’ভিড ভেকচিন দিয়াৰ পাচতো ক’ভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে এটা পৰিয়ালক ৷

ক’ভিড পৰীক্ষাৰ নামত হাৰাশাস্তিৰ অভিযোগ

গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দুলীয়া পুৰণিমেলীয়া গাঁৱৰ বিতোপন বৰা(30) নামৰ লোকজনৰ পৰিয়ালটোৰ সৈতে স্বাস্থ্যবিভাগে ক’ভিড পজিটিভ-নিগেটিভক লৈ হেতালি খেলা কাৰ্যই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে পৰিয়ালটোৰ বাসগৃহৰ চৌহদত ‘প্ৰৱেশ নিষেধ’ লিখি এখন বেনাৰো আঁৰি দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল গাঁৱৰ ওচৰত বিধ্বস্ত পথচোৱা মেৰামতি

এই কাৰ্যত বিতোপন বৰাৰ লগতে পৰিয়াল তথা ওচৰ-চুবুৰীয়া খৰ্গগ্ৰস্ত হৈ পৰিছে ৷ এই ঘটনাৰ পাচত স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্তৃপক্ষই তেওঁৰ লগত কোনো যোগাযোগ কৰা নাই বুলি বৰাই জানিবলৈ দিয়ে৷ বৃদ্ধ পিতৃ-মাতৃ, ভাতৃ, পত্নী আৰু ডেৰ বছৰীয়া কন্যা সন্তান থকা পেচাত গাড়ীচালক বিতোপন বৰাৰ পৰিয়ালটোৰ বৰ্তমান অসহায় অৱস্থা বুলি জানিব পৰা গৈছে ৷

স্বাস্থ্য কৰ্মীৰ এনে অবিবেচক কাণ্ডই বিভাগটোৰ দুৰ্নাম কঢ়িয়াই আনিছে ৷ বিতোপন বৰাৰ নিচিনা বহু লোকৰ জীৱনলৈ সংশয় নমাই অনাৰ অধিকাৰ তেওঁলোকক কোনে দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যি সময়ত স্বাস্থ্য বিভাগে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে, তেনে সময়তে বিভাগৰ এচাম কৰ্মচাৰীৰ অবিবেচক কৰ্মকাণ্ডই বিভাগটোত কালিমা সনা বুলি ৰাইজে মন্তব্য কৰে ৷

লগতে পঢ়ক : বৰপেটা জিলা কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰলৈ ৰাষ্ট্ৰপতিৰ বিশেষ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.