আমগুৰি, 12 ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ এখন ঐতিহাসিক ঠাই নামতিদ'ল বাইলুং গাঁও ৷ বুৰঞ্জীৰ নানা সমলেৰে সমৃদ্ধ এই নামতিদ'ল বাইলুং গাঁও ঐতিহাসিকভাৱে অত্যন্ত চহকী ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া সকলো দিশতে আগবঢ়া বাইলুং গাঁৱত আছে বিষ্ণুদ'ল আৰু দেৱীদ'লৰ লগতে নামতিদ'ল পুখুৰী ৷ ঐতিহাসিকভাৱে সমৃদ্ধ এই নামতিদ'ল কিন্তু আজিও উপেক্ষিত ৷ বুৰঞ্জীৰ পাত লুটিয়ালে পোৱা যায় ১৭৭৫ চনত নামতি অঞ্চলটো শাসন কৰিবৰ বাবে স্বৰ্গদেউ গৌৰীনাথ সিংহই দায়িত্ব দিছিল নামতিয়াল ভাগতী বৰবৰুৱাক ৷ নামতিয়াল ভাগতী বৰবৰুৱাই দায়িত্ব লাভ কৰিয়েই স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে, নামতিদ'লতে বিষ্ণুদ'ল আৰু দেৱীদ'ল নিৰ্মাণ কৰি কাষতে পুখুৰী খন্দায় ৷
নামতিয়াল ভাগতী বৰবৰুৱাই অতি সুন্দৰভাৱে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজহাউলিত ভাগৱত পাঠ কৰিছিল ৷ এই ভাগৱত পাঠৰ সুমধুৰ কণ্ঠত মোহিত হৈ ৰজাৰ বায়েক বৰ-আইদেউৱে বিবাহৰ প্ৰস্তাৱ দিছিল নামতিয়াল ভাগতী বৰবৰুৱাক ৷ স্বৰ্গদেৱেও বায়েকৰ ইচছাৰ কোনো পক্ষপাত নকৰি নামতিয়াল ভাগতী বৰবৰুৱালৈ বিয়া দিয়ে বৰ-আইদেউক ৷ বিবাহৰ চিন স্বৰূপে স্বৰ্গদেউ গৌৰীনাথ সিংহই ভাগতী বৰবৰুৱাক শাসন কৰিবলৈ দিছিল এই নামতি অঞ্চল ৷
সাংস্কৃতিক গাঁও হিচাপে পৰিচিত ঐতিহাসিকভাৱে সমৃদ্ধ নামতিদ'ল অঞ্চলক লৈ আজিও গৌৰৱ কৰে গাঁওবাসীয়ে ৷ কিন্তু এই ঐতিহাসিক স্থলী যেন আজিও উপেক্ষিত, আজিও বহুলোকে নাজানে এই ঐতিহ্য বহনকাৰী স্থানৰ কথা ৷ ৰাজ্যৰ পুৰাতত্ত্ব আৰু প্ৰত্নতত্ত্ব বিভাগৰ সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ পৰা আজিও বঞ্চিত এই ঐতিহাসিক পৰ্যটনস্থলী ৷