ETV Bharat / state

Hindu-Muslim Brotherhood: নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে - ইছলাম ধৰ্মাৱলম্বী ব্যক্তি

শিৱসাগৰৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে দাঙি ধৰিছে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন ৷ নামঘৰৰ নিৰ্মাণৰ বাবে একঠা ভূমি দান কৰিলে শিৱসাগৰৰ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই ৷ সাংবাদিকগৰাকীৰ এই মহানুভৱতাক শলাগ লৈছে সকলোৱে ৷

নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে
Hindu Muslim Brotherhood
author img

By

Published : Dec 9, 2022, 3:54 PM IST

শিৱসাগৰ, 9 ডিচেম্বৰ: সততে দেখা যায় যে, একাংশ লোকে ইছলাম আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত সাম্প্ৰদায়িক বিভাজন ঘটাবলৈ অহৰহ প্ৰচেষ্টা কৰি থাকে ৷ কিন্তু বহু সময়ত কিছু-কিছু কাম-কাজে হিন্দু আৰু মুছলমানৰ মাজৰ ভাতৃত্বৰ এনাজৰীডাল অধিক সৱল কৰি ৰাখে ৷ ঠিক তেনেদৰে, শিৱসাগৰ জিলাত দেখিবলৈ পোৱা গ’ল হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বীলোকৰ মাজত সম্প্ৰীতিৰ নিদৰ্শন(Hindu Muslim Brotherhood) ৷

নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

শিৱসাগৰৰ মেটেকাত নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে এগৰাকী ইছলাম ধৰ্মাৱলম্বী সাংবাদিকে(Muslim man donate land for Namghar) ৷ শিৱসাগৰৰ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা আৰু তেওঁৰ পৰিয়ালে নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰি ডাঙি ধৰিলে বিৰল সম্প্ৰীতিৰ নিদৰ্শন(Hindu Muslim relation) ৷ মেটেকা সেউজ নগৰত নতুনকৈ নিৰ্মান কৰিব লগা নামঘৰৰ বাবে ইছলামধৰ্মী সাংবাদিকগৰাকীয়ে দান কৰিলে একঠা ভূমি ।

উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক(Journalist Khalilur Rahman Hazarika) ৷ সাংবাদিকতাৰ উপৰিও বিভিন্ন সামাজিক তথা সাংস্কৃতিৰ কৰ্মৰে জড়িত হৈ আছে সাংবাদিকগৰাকী ৷ সাংবাদিকগৰাকীৰ এই মহানুভৱতাক প্ৰশংসা কৰাৰ লগতে তেখেতৰ কাৰ্যক আদৰণি জনাইছে মেটেকা সেউজ নগৰৰ ৰাইজে ৷

নামঘৰ নিৰ্মাণ সমিতিয়ে শংকৰ আজানৰ দেশত এয়া সম্প্ৰীতি আৰু একতাৰ উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে নামঘৰ নিৰ্মাণৰ কাম(Land of Shankar Azan) ৷

এই অনুষ্ঠানত সাংবাদিক হাজৰিকা আৰু তেওঁৰ পত্নীয়ে অংশগ্ৰহণ কৰে । সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি খলিলুৰ ৰহমান হাজৰিকাই কয়, ‘‘ শিৱসাগৰত ধৰ্মৰ নামত ভেদাভেদ আগতেও নাছিল, বৰ্তমানেও নাই আৰু আগলৈয়ো নাথাকে’’ ৷ লগতে, নামঘৰ কৰ্তৃপক্ষয়ো সাংবাদিকগৰাকীৰ কাৰ্যক শলাগ লয় ৷

লগতে পঢ়ক: Bamboo bridge in Goreswar: বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.