শিৱসাগৰ,৪ মাৰ্চ : ৬ মাৰ্চত অনুষ্ঠিত হ'ব অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। প্ৰতিখন জিলাতে পৌৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে শুকুৰবাৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰে (The campaign for municipal elections ends)। বাকী জিলাসমূহৰ দৰে শিৱসাগৰ জিলাতো এইবাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে ।
প্ৰতিটো ৰাজনৈতিক দলে ৱাৰ্ডে ৱাৰ্ডে চলাইছে প্ৰচাৰ । শাসকীয় দলৰ হৈ বহু শীৰ্ষ নেতাই শিৱসাগৰ পৌৰ সভাৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লৈছে । অন্তিমটো দিনৰ প্ৰচাৰ কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা, সাংসদ তপন গগৈয়ে শিৱসাগৰ পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বিপৰীতে মিত্ৰদল অগপৰ হৈ মন্ত্ৰী কেশৱ মহন্তইও শিৱসাগৰ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায় । শাসকীয় দলৰ বিপৰীতে ৰাইজৰ দলৰ হৈ বিধায়ক অখিল গগৈয়েও নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰতিটো ৱাৰ্ডলৈ গৈ নিজ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলায় ।
আনহাতে বিজেপি আৰু ৰাইজৰ দলৰ তুলনাত ১৪ টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ ৮ টা ৱাৰ্ডত প্ৰাৰ্থী ঠিয় কৰোৱা কংগ্ৰেছ দলৰ প্ৰচাৰ সীমিত হোৱা পৰিলক্ষিত হয় । কংগ্ৰেছ দলৰ স্থানীয় নেতাৰ বাহিৰে কোনো এজন শীৰ্ষ নেতাক শিৱসাগৰ পৌৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অহা দেখা পোৱা নগ'ল ।
ইতিমধ্যে প্ৰচাৰ অন্ত পৰা শিৱসাগৰ নগৰত পৌৰ সভা দখলৰ যুঁজখন যে বিজেপি মিত্ৰজোঁট আৰু ৰাইজৰ দলৰ মাজত সীমিত হৈ ৰ'ব সেইয়াও এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । অৱশ্যে এই যুঁজ সহজ নহ'ব । উল্লেখ্য যে শিৱসাগৰ পৌৰ সভাৰ ৩২,৮৬৮ গৰাকী ভোটাৰে ১৪ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।
লগতে পঢ়ক :Municipal election 2022 : পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন