শিৱসাগৰ, 24 মাৰ্চ : উজনি অসমৰ হাই প্ৰফাইল সমষ্টি শিৱসাগত আজি অখিল গগৈ হৈ মাতৃ প্ৰিয়দা গগৈ নেতৃত্বত শিৱসাগৰত এক বৃহৎ ৰেলী উলিওৱা হয় । শিৱসাগৰ জিলাৰ পৰা দৰিকা দলঙৰ সমীপৰ পৰা শিৱসাগৰ নগৰ মাজমজিয়াৰে শিৱসাগৰ জেঙণিকতিয়াত এই বৃহৎ ৰেলীৰ সামৰণি পৰে।
এই ৰেলীত নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে অংশগ্ৰহণ কৰি কয়, ৰাষ্ট্ৰই অন্যায় ভাৱে কৃষক নেতা অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে ৷ গণ আন্দোলনলৈ শাসকে ভয় কৰে ৷ যাৰ বাবে বৰ্তমানৰ চৰকাৰখনে আপোচ বিহীন নেতৃত্বক কাৰাবন্দী কৰি গণ আন্দোলনক স্তব্ধ কৰি ৰাখিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মেধা পাটকাৰে ৷
"এটা সংগ্ৰামী সত্বাক জীয়াই ৰখা, খিলঞ্জীয়া লোকৰ অধিকৰা সুৰক্ষাৰ স্বাৰ্থত আৰু অসম বিৰোধী শক্তিক প্ৰতিহত কৰিব বাবে গঢ়ি উঠা গণ আন্দোলনক জীয়াই ৰাখিবৰ বাবে অখিল গগৈক ভোট দিয়ক ৷ সকলো খিলঞ্জীয়া লোকৰ কাষত থাকে অখিল গগৈ ৷ মানৱ অধিকাৰ ভংগ কৰি ৰাষ্ট্ৰই অখিল গগৈ কাৰাবন্দী কৰি ৰাখিছে ৷ আজি যুৱ শক্তি জাগি উঠিছে ৷ যুৱ শক্তিয়ে বুজি পাইছে আজি বিজেপিৰ অত্যাচাৰী চৰিত্ৰৰ কথা ৷" এইদৰে মন্তব্য প্ৰকাশ কৰে মেধা পাটকাৰে ৷
লগতে পঢ়ক: কা ৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ