ETV Bharat / state

গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ - আৰক্ষী

মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসম নামৰ এক অনুষ্ঠানৰ নেত্ৰী গীত কামৰূপাৰ বিৰুদ্ধে শুকুৰবাৰে সৰৱ হৈ পৰে শিৱসাগৰৰ বহু কেইটা দল-সংগঠন ৷ অভিযোগ অনুসৰি,নেত্ৰী গৰাকীয়ে শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠন সমূহক ভিত্তিহীনভাৱে সমালোচনা কৰি কেতবোৰ অহেতুক অভিযোগ জাপি দিছিল । অনতিপলমে নেত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷

Massive Protest In Sivsagar District
গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Sep 11, 2020, 3:27 PM IST

শিৱসাগৰ, 11 ছেপ্তেম্বৰ : মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসম নামৰ এক অনুষ্ঠানৰ নেত্ৰী গীত কামৰূপাৰ বিৰুদ্ধে শুকুৰবাৰে সৰৱ হৈ পৰে শিৱসাগৰৰ বহু কেইটা দল-সংগঠনৰ লগতে মহিলা সংগঠন। অভিযোগ অনুসৰি,গীত কামৰূপা নামৰ মহিলা গৰাকীয়ে 26 আগষ্ট তাৰিখে সামাজিক মাধ্যমত শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠন সমূহক ভিত্তিহীনভাৱে সমালোচনা কৰি কেতবোৰ অহেতুক অভিযোগ জাপি দিছিল । আনকি,শিৱসাগৰত বহু হাজাৰ মহিলাই বেশ্যা বৃত্তিত জড়িত থকাৰ চৰকাৰী তথ্য লাভ কৰা বুলি মন্তব্য কৰা মহিলা গৰাকীয়ে শিৱসাগৰ ৰাইজ এনে প্ৰসংগত সজাগ নহয় বুলি উল্লেখ কৰাৰ ওপৰিও দল-সংগঠনৰ পৃষ্ঠপোষকতাত এনে বৃত্তি পৰিচালিত হয় বুলি অভিযোগ উত্থাপন কৰিছিল ।

গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ

যাৰবাবে মহিলা গৰাকীৰ এনে মন্তব্যত জাঙুৰ খাই উঠা শিৱসাগৰৰ প্ৰায় 24 টা দল-সংগঠনে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত মহিলা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। এই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে 2 ছেপ্তেম্বৰ তাৰিখে গীত কামৰূপা নামৰ মহিলা গৰাকীক শিৱসাগৰ সদৰ থানাত 5 ছেপ্তেম্বৰ তাৰিখৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ।

ইফালে,শিৱসাগৰ ৰাইজক অপমান কৰাৰ 16 দিন অতিক্ৰম কৰাৰ পিচতো আৰক্ষীয়ে হাজিৰ হ'বলৈ প্ৰদান কৰাৰ সময় 6 দিন পাৰ হৈ যোৱাৰ পিচতো শিৱসাগৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে শতাধিক প্ৰতিবাদকাৰীয়ে শিৱসাগৰ নগৰৰ প্ৰগতি চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শিৱসাগৰৰ বিভিন্ন দল-সংগঠনৰ ওপৰিও সচেতন মহিলা সমাজে প্ৰায় এঘণ্টা সময় পথ অৱৰোধ কৰি যান-বাহন চলাচল স্থবিৰ কৰি তোলে । বহু সময় ধৰি যাতায়ত ব্যাহত হৈ পৰাৰ ফলত শিৱসাগৰ জিলা প্ৰশাসন প্ৰতিবাদস্থলীত উপস্থিত হৈ বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ।

আনহাতে,অনতিপলমে গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰিলে শিৱসাগৰ বন্ধৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীক পহুখেদা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.