ETV Bharat / state

দিখৌৰ বাঢ়নী পানীৰ কবলত শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল - ৰংপুৰ পঞ্চায়ত

শিৱসাগৰ ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও পানীচকাত মথাউৰিৰ এটা অংশ খহি যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ দিখৌৰ বাঢ়নী পানীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল ৷

massive flood devastation by dikhow river in sivsagar

author img

By

Published : Jun 22, 2020, 2:29 PM IST

শিৱসাগৰ, 22 জুনঃ সোমবাৰে পুৱতি নিশাৰ পৰা শিৱসাগৰ- নাজিৰাৰ ভিন্ন স্থানত দিখৌ নৈৰ বাঢ়নী পানীয়ে অতিক্ৰম কৰিছে মথাউৰি ৷ শিৱসাগৰ ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও পানীচকাত মথাউৰিৰ এটা অংশ খহি যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ জলসম্পদ বিভাগৰ কৰ্নকৰ্তাই জানিবলৈ দিয়া মতে, মাজগাঁও পানীচকাৰ ভঙা মথাৰিটো অ'এনজিচি ৰীগৰ সমীপৰ ৷ ইতিমধ্যে জলসম্পদ বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ খহি পৰা অংশৰ মেৰেমতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, অ'এনজিচিয়ে নিৰ্মাণ কৰা ৰীগটোত যানবাহন চলাচলৰ বাবে এটা ৰেম্প নিৰ্মাণ কৰা হৈছিল ৷ ঘনাই যান-বাহন চলাচলৰ বাবেই মথাউৰিটো ভঙা বুলি উল্লেখ কৰে জলসম্পদ বিভাগৰ লোকে ৷ পুৱতি নিশাৰ পৰা কোঁৱৰপুৰ-শান্তিপুৰ আদি অঞ্চলৰো ভিন্ন ঠাইত মথাউৰিৰ ওপৰেৰে পানী বাগৰা বুলিও জানিবলৈ পোৱা গৈছে ৷

দিখৌৰ বাঢ়নী পানীৰ কবলত শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল

আনহাতে ৰাইজৰ এনে দুৰ্দশাৰ মাজতে ৰাইজৰ কাষত উপস্থিত হয় কংগ্ৰেছ দলৰ নেতা ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ নেতা এগৰাকীয়ে এই বছৰ বিজেপি চৰকাৰে কোনো এটা মথাউৰি ভালদৰে নিৰ্মাণ নকৰাৰ বাবে ৰাইজৰ এনে দুৰ্দশা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ লগতে কৰ'ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা সান্ধ্য আইন বিজেপিৰ নেতা সকলে ভংগ কৰি ৰাইজৰ মাজত ৰাজনীতি কৰিবলৈ আহে বুলিও অভিযোগ উত্থাপন কৰাৰ বিপৰীতে, কংগ্ৰেছ দলৰ যদি কোনো লোকে ৰাইজৰ দুখত সমভাগী হ'বলৈ যায় তেন্তে আৰক্ষীৰ লোকে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰে বুলিও উল্লেখ কৰে কংগ্ৰেছৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.