শিৱসাগৰ,২২ মে': ৰাজ্যবাসীয়ে কৰ'ণা মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তে একাংশ লোকে অব্যাহত ৰাখিছে সুৰাৰ অবৈধ বেহা । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শিৱসাগৰ জিলাত আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । নগৰৰ সমীপৰ বেতবাৰী দগাঁৱত আৰক্ষীয়ে এই অভিযান চলাই।

জানিব পৰা মতে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সুবিধা লৈ বেতবাৰীৰ সঞ্জীৱ কুমাৰ গগৈ নামৰ এজন লোকে নিজ ঘৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা মজুত কৰি ৰাখি চোৰাং ভাৱে বিক্ৰী কৰি আছিল ।আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গগৈৰ ঘৰত অভিযান চলাই আৰু অবৈধভাৱে ৰখা বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰা সঞ্জীৱ গগৈয়ে । কিন্তু পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ থানাত আত্মসমৰ্পণ কৰে সঞ্জীৱ গগৈয়ে । আৰক্ষীয়ে প্ৰায় ৬০০ টা বিলাতী সুৰাৰ বটল জব্দ কৰে আৰু চোৰাং ব্যৱসায়ী সঞ্জীৱ গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ?