শিৱসাগৰ, 13 ছেপ্টেম্বৰ : স্বদেশ আৰু স্বজাতিৰ বাবে ১২৭ বাৰ কাৰাবৰণ কৰা অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰণৱজিৎ চলিহাৰ দেহাৱসান । মাধ্যম আন্দোলন, ভাষা আন্দোলন আৰু ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰণৱজিৎ চলিহা আৰু নাই । আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেশ কপোৱা তিনিটাকৈ গণ আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া আপোচহীন প্ৰাক্তন ছাত্ৰ নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমু চলিহাই ৭৩ বছৰত ইহলীলা সম্বৰণ কৰে ।
![leader of assam movement Pranabjit Chaliha passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/as-svr-13th-sep-802-romu-as10042_13092023150010_1309f_1694597410_468.jpg)
উল্লেখ্য যে, বিগত এমাহ ধৰি হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা সংগ্ৰামী নেতাগৰাকীক যোৱা ১ ছেপ্টেম্বৰত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল । যোৱা ১ ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজ দি নিয়তিৰ ওচৰত হাৰ মানিলে । চলিহাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেখেতৰ সহধৰ্মিনী ৰাকাজ্যোতি চলিহা, জীয়েক কাৰ্বি চলিহা আৰু পুত্ৰ শৃংখল চলিহা কান্দোনত ভাগি পৰে । চলিহাৰ মৃত্যুৰ খবৰ ল’বলৈ অসম চিকিৎসা মহাবিদ্যালয়ত অগণন গুণমুগ্ধৰ সমাগম হয় ।
![leader of assam movement Pranabjit Chaliha passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/as-svr-13th-sep-802-romu-as10042_13092023150010_1309f_1694597410_848.jpg)
জাতীয় স্বাৰ্থ বিঘ্নিত হোৱা দেখিলেই সিংহৰ দৰে গৰজি উঠা এইগৰাকী আপোচহীন সংগ্ৰামী নেতাই বিভিন্ন আন্দোলনত শক্তিশালী ৰূপত জপিয়াই পৰি দেশৰ বিভিন্ন কাৰাগাৰত ১২৭ বাৰকৈ সুদীৰ্ঘ সময় বন্দীত্বৰ জীৱন কটাইছিল । পৰৱৰ্তী সময়ত তেখেতে নিজাববীয়াকৈ "জাতীয় ঐক্য মঞ্চ" গঠন কৰি দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ বিধায়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল । তৃতীয়বাৰৰ বাবেও চলিহাই অগপ দলৰ পৰা এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰণৱ গগৈৰ হাতত পৰাজিত হ’বলগাত পৰিছিল ।
![leader of assam movement Pranabjit Chaliha passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19504287_11.jpg)
১৯৫০ চনৰ ২ এপ্ৰিলত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল প্ৰণৱজিৎ চলিহাই । মূলতঃ অসম আন্দোলনৰ অতি সক্ৰিয় নেতা আছিল চলিহা । ১৯৭২-১৯৭৪ লৈ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ দুটা কাৰ্যকালৰ সাধাৰণ সম্পাদক আছিল তেওঁ ৷ আন্দোলনৰ সময়ত বহুবাৰ জেল খাটিছিল ৰমু চলিহাই ৷ পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক ক্ষেত্ৰত ভৰি থৈছিল প্ৰণৱজিৎ চলিহাই । ২০০১, ২০০৬ আৰু ২০১১ চনত শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল চলিহাই । বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পিতৃ ৰমু চলিহা ।
![leader of assam movement Pranabjit Chaliha passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19504287_1111.jpg)
আজি মৃত্যুবৰণ কৰা প্ৰণৱজিৎ চলিহাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ নগৰৰ ফুকন নগৰৰ বাসভৱনলৈ অনা হয় । জনপ্ৰিয় জাতীয়তাবাদী নেতা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অগণন গুণমুগ্ধ, বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ চলিহাৰ বাসভৱনত উপস্থিত হৈ সংগ্ৰামী জননেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । অসমীয়া জাতীয়তাবাদৰ এক ট্ৰেজিক চৰিত্ৰ প্ৰণৱজিৎ চলিহা ৰমু চলিহা নামেৰে জনপ্ৰিয় ।
![leader of assam movement Pranabjit Chaliha passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19504287_111.jpg)
অসহায় জনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰাচীৰৰ দৰে থিয় হৈ হাজাৰজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰণৱজিৎ চলিহাৰ দৰে আপোচহীন দুৰ্জেয় সাহসী যোদ্ধাক ২০১৩ বৰ্ষৰ ২৬ জানুৱাৰীত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰদান কৰিছিল "সিংহপুৰুষ" উপাধি । ৰমু চলিহাৰ গৰ্জনত অসমীয়া জাতিক অপমান কৰা বনিয়া বহিৰাগত গোষ্ঠীৰ বুকু কঁপি উঠিছিল । এই গৰাকী ছাত্ৰ নেতাই ৭০ দশকত শিৱসাগৰ ভ্ৰমণলৈ অহা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক বৰ্ডিং খেলপথাৰত ভাষণ দি থকা অৱস্থাত মাইক্ৰ’ফন দলিয়াই অদম্য সাহসৰ পৰিচয় দিছিল । জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পৰা এই গৰাকী প্ৰাক্তন ছাত্ৰ নেতাই ১৯৭৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনত নিজে নেতৃত্ব নলৈ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ হাতত সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব অৰ্পণ কৰিছিল ।
যোৱা ১০ ছেপ্টেম্বৰত চলিহাৰ স্বাস্থ্যৰ খবৰ ল’বলৈ যোৱা অসম আন্দোলনৰ আগশাৰীৰ নেতা অধিবক্তা নেকিবুৰ জামানক আই চি ইউত দেখি কিছু সময় চকু মেলি চাই" নেকিব তই আহিলি" বুলি কোৱা কথাষাৰেই আছিল তেখেতৰ কন্ঠৰ শেষ বাক্য । তাৰ পাচতেই চলিহাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। ৰমু চলিহা নামৰ সাহসী যোদ্ধাজনে ৭০-৮০ দশকত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ নিদ্ৰাহৰণ কৰাৰ উপৰিও ৯০ দশকত অসমত সমান্তৰালকৈ চৰকাৰ চলোৱা আলফাৰ দৰে সংগঠনৰ সৈতে কিছু আদৰ্শগত অমিল আৰু মতানৈক্য হোৱাৰ বাবে সহস্ৰ সংগঠন আলফাকো মুকলি প্ৰত্যাহ্বান জনাইছিল । আলফাই মৃত্যুৰ ভাবুকি দিয়াৰ পাচতো মৃত্যুলৈ তিলমাত্ৰও ভয় নকৰি "মৃত্যুৰ আগদিনালৈকে অসমীয়া সৈনিকৰ পোচাক পিন্ধিয়েই মৰিম" বুলি আলফাক পুনৰ প্ৰত্যাহ্বান জনোৱা প্ৰণৱজিৎ চলিহাৰ সৈতে পৰৱৰ্তী সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বুজাবুজি কৰিবলৈ বাধ্য হৈছিল ৷
প্ৰখ্যাত চলিহা পৰিয়ালৰ বংশধৰ বিদ্যাধৰ চলিহা আৰু পুতলা চলিহাৰ দ্বিতীয় পুত্ৰ প্ৰণৱজিৎ চলিহাই নগাঁৱৰ নুৰুদ্দিন মোক্তাৱ মাদ্ৰাছাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । শ্বিলঙৰ ডনবস্কত কিছুদিন শিক্ষা গ্ৰহণ কৰাৰ পাচত শিৱসাগৰলৈ আহি বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁ । শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে প্ৰণৱজিৎ চলিহাই ৰাজ্যৰ ক্ৰীড়া জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল । দিখৌপৰীয়া ক্লাবৰ হৈ ভলীবল আৰু টাউন ক্লাবৰ হৈ ফুটবল খেলত অংশগ্ৰহণ কৰা ৰমু চলিহাই পৰৱৰ্তী সময়ত ভলীবল আৰু ফুটবলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দীৰ্ঘদিন তেখেত ক্ৰীড়া পেন্সনৰ পৰা বঞ্চিত হৈ আছিল । ক্ৰীড়া জগতত পাৰদৰ্শিতা অৰ্জন কৰা প্ৰণৱজিৎ চলিহাৰ নেতৃত্বতে নগৰৰ টেঙানী বিলত গঢ়ি উঠিছিল পিয়লি ফুকন ষ্টেডিয়াম ।
লগতে পঢ়ক : Constituency delimitation: নিৰ্বাচন আয়োগৰ শুনানি সন্দৰ্ভত বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া