ETV Bharat / state

বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ নিৰ্যাতনৰ অভিযোগ

author img

By

Published : Jul 18, 2019, 6:49 PM IST

শিৱসাগৰৰ অ এন জি চি কলনীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ নৱৰতন মিট্টালৰ বিৰুদ্ধে বিদ্যালয় খনৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে উত্থাপন কৰিছে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ

বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ নিৰ্যাতনৰ অভিযোগ

শিৱসাগৰ,18 জুলাইঃ শিৱসাগৰৰ অএন জি চি কলনীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ নৱৰতন মিট্টালৰ বিৰুদ্ধে বিদ্যালয় খনৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। সহপাঠীৰ সৈতে হোৱা এক সৰু সংঘাতক কেন্দ্ৰ কৰি ছাত্ৰী গৰাকীক অশ্লীল ভাষাৰে গালি গালাজ পাৰি তিনি ঘণ্টা ধৰি বিদ্যালয়খনৰ বাৰাণ্ডাত থিয় কৰি ৰখাৰ লগতে 10 দিনৰ বাবে নিলম্বন কৰিছিল। উল্লেখযোগ্য যে,উক্ত সময়ছোৱাত ছাত্ৰী গৰাকীৰ মাহেকীয়া ঋতুস্ৰাৱ চলি থকাৰ সত্বেও বিনাবিচাৰে অধ্যক্ষ নৱৰতন মিট্টাল আৰু বিদ্যালয়খনৰ ইংৰাজী বিষয় শিক্ষক আলি আহমেদে এনে শাস্তি প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ মাতৃয়ে সমগ্ৰ ঘটনা অৱগত কৰি কেন্দ্ৰীয় বিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু দিল্লীৰ মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল যদিও শিৱসাগৰ আৰক্ষীয়ে বৰ্তমানলৈকে অনুসন্ধান আৰম্ভ কৰা নাই । ইয়াৰোপৰি দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে অসমীয়া কৰ্মচাৰীক নিৰ্যাতন কৰাৰ অভিযোগ আছে ।

Intro:*শিৱসাগৰ অএনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শাৰিৰীক মানসিক নিৰ্যাতনৰ অভিযোগ--অভিযোগ গুৰুত্ব সহকাৰে লোৱা নাই ঊৰ্ধতন কৰ্তৃপক্ষই*

Story-KV_SIVASAGAR
Ananta Smith
Sivasagar
18th July

A_SVR_18TH_801-803_VISUAL_KV_SIVASAGAR_7203499

শিৱসাগৰ অএনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে নিৰ্যাতনৰ অভিযোগ।দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আনিছে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ।কেন্দ্ৰীয় বিদ্যালয়ৰ আঞ্চলিক আৰু মুখ্য কাৰ্যালয়ে গুৰুত্ব দিয়া নাই এনে অভিযোগৰ।

Body:শিৱসাগৰ অএনজিচি কলনিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ নৱৰতন মিট্টালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনিছে বিদ্যালয় খনৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে।সহপাঠীৰ সৈতে হোৱা এক সৰু সংঘাটক কেন্দ্ৰ কৰি দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিনাবিচাৰে ৰজঃস্বলাৰ সময়ত তিনি ঘণ্টা ধৰি বিদ্যালয়ৰ বাৰাণ্ডাত ঠিয় কৰি ৰখাৰ লগতে ১০ দিনৰ বাবে নিলম্বণ কৰিছিল ছাত্ৰী গৰাকীক।ইয়াৰ পৰিৱৰ্তী সময়ত অধ্যক্ষ নৱৰতন মিট্টালে আক্ৰোশমূলক ভাৱে ছাত্ৰী গৰাকীক মানসিক নিৰ্যাতন কৰাৰ লগতে অশ্লীল ভাষাৰে গালিগালাজ কৰিছিল।এই সমূহ নিৰ্যাতনত অধ্যক্ষ গৰাকীক সহযোগ কৰিছিল বিদ্যালয়ৰ এগৰাকী ইংৰাজী বিষয় শিক্ষক আলি আহমেদে।

Bite1-নিৰ্যাতীত ছাত্ৰী

ছাত্ৰী গৰাকীৰ মাতৃ কবিতা শইকীয়াই সমগ্ৰ ঘটনা অৱগত কৰি কেন্দ্ৰীয় বিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু দিল্লীৰ মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল।কিন্তু উচিৎ বিচাৰ অদ্যোপৰি লাভ কৰা নাই।বিষয়টোৰ সম্পৰ্কে কেন্দ্ৰীয় বিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে শিৱসাগৰ সদৰ আৰক্ষীলৈ অনুসন্ধানৰ বাবে লিখিত জাননী প্ৰেৰণ কৰিছে যদিও শিৱসাগৰ আৰক্ষীয়ে অনুসন্ধান আগবঢ়োৱা নাই।

Bite2-ছাত্ৰী গৰাকীৰ মাতৃ

Conclusion:উল্লেখযোগ্য যে শিৱসাগৰ অএনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে আগতেও অসমীয়া বিৰোধী বহু অভিযোগ উত্থাপিত হৈ আহিছে।ছাত্ৰক শাৰিৰীক প্ৰহাৰ কৰাৰ ওপৰিও অসমীয়া কৰ্মচাৰীক নিৰ্যাতন কৰাৰ অভিযোগ আছে।কিছুদিনৰ আগত এজন ঠিকাভিত্তিক শাৰিৰীক প্ৰশিক্ষকক বিনা কাৰণত কামৰ পৰা অব্যহতি দি এজন হিন্দী ভাষি লোকক নিয়োগ কৰিছিল এইজন অধ্যক্ষই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.