ETV Bharat / state

আজি বিশ্ব অ'জন দিৱস - অজ'ন দিৱসৰ তাৎপৰ্য

আজি বিশ্ব অজ'ন দিৱস ৷ অজ'ন দিৱসৰ তাৎপৰ্য কি ? অজ’নৰ সৈতে আমাৰ প্ৰকৃতিৰ কি সম্পৰ্ক ? কিমান সুৰক্ষিত আমাৰ অজ'ন স্তৰ ?

অ'জন দিৱস
অ'জন দিৱস
author img

By

Published : Sep 16, 2020, 2:35 PM IST

শিৱসাগৰ, 16 ছেপ্তেম্বৰ: আমি বাস কৰা পৃথিৱীৰ গাতে লাগি থকা বায়ুৰ স্তৰটোক ট্রপ'স্ফিয়েৰ বোলা হয় ৷ তাৰ ওপৰতে থকা আনটো স্তৰ হৈছে ষ্ট্রেট'স্ফিয়েৰ ৷ এই দুয়োটা স্তৰতে আছে অজ'ন গেছ ৷ অজ'ন গেছে পৃথিৱীৰ জীৱজগতক এটা ছাতিৰ দৰে আৱৰি আছে ৷ ই সূর্যৰ পৰা অহা অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শোষণ কৰি চকুৰ ৰোগ, ছালৰ ৰোগকে ধৰি উদ্ভিদৰ বিভিন্ন ৰোগৰ লগতে জীৱ কুলৰ জীৱন ৰক্ষাৰ কাম কৰে ৷ এই স্তৰ যদি ক্ষয়প্রাপ্ত হয় তেন্তে জীৱকুলৰ বাবে ই হ'ব এটা ভয়ানক বিপদৰ সংকেত ৷ যিটো সংকেত ইতিমধ্যে প্ৰদান কৰিছে ৷ যাৰ বাবে দায়ী কেৱল মানৱ জাতি ৷ বিজ্ঞানীসকলৰ মতে, মানৱ সৃষ্ট ক্ল'ৰিণ আৰ ব্রমিন যুক্ত যৌগসমূহে ষ্ট্রেট'স্ফিয়েৰৰ অজ'ন স্তৰ ধব্বংস কৰাত অৰিহণা যোগাই আহিছে ৷ এনে যৌগসমূহ কিছুমান যন্ত্ৰত ব্যৱহাৰ কৰা কেতবোৰ সামগ্ৰীৰ পৰা নিৰ্গত হয় ৷ অগ্নিনির্বাপক যন্ত্ৰ আৰু পানীৰ শোধনত ব্যৱহৃত হেন নামৰ পদাৰ্থৰ ব্যৱহাৰ কালত অধিকাংশই ষ্ট্রেট'স্ফিয়েৰলৈ উৰি যায় ৷ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত তাৰ পৰা ক্ল'ৰিণ আৰু ব্রমিন পৰমাণু ওলাই আহে । সেইবোৰে অ'জন স্তৰত বিন্ধাৰ সৃষ্টি কৰাৰ ফলত বিন্ধাবোৰৰ মাজেৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পাৰ হৈ আহি পৃথিৱীৰ প্রাণীকুলৰ লগতে উদ্ভিদ জগতৰ অপকাৰ কৰে ৷ ভিন্ন ৰোগৰ লগতে জীনৰ বিসংগতিৰ সৃ্ষ্টি কৰিব পাৰে এই অতি বেঙুনীয়া ৰশ্মিয়ে ৷ প্ৰকৃতিক সুৰক্ষিত কৰিবলৈ হ'লে মানৱ সমাজ যথেষ্ট পৰিমাণে সজাগ হোৱাৰ প্রয়োজন। এনেবোৰ দিশ চালি-জাৰি চাই ১৯৯৫ চনৰ ১৬ ছেপ্তেম্বৰ পৰা আন্তজার্তিক অজ'ন সংৰক্ষণ দিৱস পালন কৰি অহা হৈছে ৷

আজি বিশ্ব অ'জন দিৱস

আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি থৈয়ো যেন পৃথিৱীৰ অজ'ন সংৰক্ষণ দিৱস যথা অৰ্থত কাৰ্যকৰী হোৱা নাই ৷ মানৱ জাতিয়ে উদ্ভাৱন কৰা ন ন সংযোজনে অজ'ন সংৰক্ষণ দিৱসৰ মূল উদ্দেশ্য ধূলিসাৎ কৰাৰ দিশে অগ্ৰসৰ হৈছে ৷ ভোগ আৰু আৰাম সৰ্বস্ব জীৱন যাপনৰ বাবে বিজ্ঞানৰ উত্তৰণৰ নামত আৱিস্কাৰ হোৱা যন্ত্ৰ তথা উৎপাদিত সামগ্ৰীৰ পৰা নিৰ্গমণ হোৱা ক্লৰফ'ৰকাৰ্বনৰ বাবে পৃথিৱীৰ প্ৰকৃতিৰ বাবে অপৰিহাৰ্য অ'জন স্তৰৰ ক্ষতি হৈছে ৷ কল-কাৰখানাৰ বৰ্ধিত সংখ্যাই বিশেষকৈ প্ৰভাৱ পেলাইছে অজ'ন স্তৰত ৷ অজ'ন স্তৰৰ অনিষ্ট সাধন কৰা বহু সমল এতিয়াও বহুল প্ৰচলিত কল-কাৰখানাৰ লগতে আমাৰ দৈনন্দিন জীৱনত ৷ এই ক্ষেত্ৰত মানৱ জাতিৰ আছে বহু কৰণীয় ৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব প্ৰদানে হয়তো কিছু পৰিমাণে হ'লেও ৰোধ কৰিব অজ'ন স্তৰৰ ক্ষয় ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.