ETV Bharat / state

বেদখলকাৰীৰ হাতোৰাত বন্দী প্ৰাচ্যৰ পিৰামিড - সৌমাৰপীঠ

চে-ৰায়-ডয় অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকা নগৰ । ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰা চাওলুং চুকাফাৰ লগত চীনদেশৰ পৰা অহা টাই আহোমসকলে বিভিন্ন ঠাইত অস্থায়ী ৰাজধানী পাতি অৱশেষত চে-ৰায়-ডয় অথবা বৰ্তমানৰ চৰাইদেউত ১২৫৩ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰে । চৰাইদেউ আছিল আহোম শাসনকালৰ প্ৰথম স্থায়ী ৰাজধানী । ঠাইখনৰ ভৌগোলিক স্থিতি,উৰ্বৰ কৃষিভূমি আদিৰ বাবে ৰাজধানীৰ হেতুকে উপযুক্ত স্থান আছিল চৰাইদেউ ।

Identity thread to historic monument of ahom kingdom "The Maidam" Etv bharat Special news
বেদখলৰ কবলত চৰাইদেউ
author img

By

Published : Jul 15, 2020, 5:58 PM IST

শিৱসাগৰ,15 জুলাই: ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ সুদীৰ্ঘ ৬০০ বছৰীয়া এক শাসনকাল । বিশ্ব ইতিহাসৰ অন্যতম এক দীঘলীয়া ৰাজত্ব । এই সময়ছোৱাত অসমত ৰাজত্ব কৰিছিল আহোমসকলে । সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চীনৰ পৰা প্ৰব্ৰজিত টাই আহোমসকলে । স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত এই আহোম ৰাজত্বৰ পাতনি মেলিছিল । স্থাপন কৰিছিল প্ৰথমখন স্থায়ী ৰাজধানী । আহোম স্বৰ্গদেউসকলে চৰাইদেউত প্ৰায় ১৫০ বছৰীয়া শাসনৰ বাঘজৰী ধৰি ৰাখিছিল ।

বেদখলৰ কবলত চৰাইদেউৰ মৈদাম

চে-ৰায়-ডয় অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকা নগৰ । ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰা চাওলুং চুকাফাৰ লগত চীনদেশৰ পৰা অহা টাই আহোমসকলে বিভিন্ন ঠাইত অস্থায়ী ৰাজধানী পাতি অৱশেষত চে-ৰায়-ডয় অথবা বৰ্তমানৰ চৰাইদেউত ১২৫৩ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰে । চৰাইদেউ আছিল আহোম শাসনকালৰ প্ৰথম স্থায়ী ৰাজধানী । ঠাইখনৰ ভৌগোলিক স্থিতি, উৰ্বৰ কৃষিভূমি আদিৰ বাবে ৰাজধানীৰ হেতুকে উপযুক্ত স্থান আছিল চৰাইদেউ । চাৰিওফালে পাহাৰ তথা চাৰিখন নদীয়ে আগুৰি থকা চৰাইদেউ প্ৰাকৃতিকভাৱে শত্ৰুক প্ৰতিহত কৰিব পৰাৰ এক উপযুক্ত স্থান আছিল । এই চৰাইদেউ পাহাৰৰ টিঙত ঘোঁৰা বলি দি ৰাজধানী স্থাপন কৰিছিল চুকাফাই । পৰৱৰ্তী ১৫০ বছৰ চৰাইদেউ অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ঠাই হৈ পৰিছিল । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে অসমৰ শাসন,শিল্প,সাহিত্য আৰু ভাস্কৰ্যৰ কেন্দ্র আছিল চৰাইদেউ ।

আহোম ৰাজত্বকালৰ প্ৰাৰম্ভিক সময়ৰ পৰা প্ৰায় ১৫০ বছৰকাল ৰাজধানী ৰূপে পৰিচিত চৰাইদেউত বৰ্তমান প্ৰায় ২৫০টা মৈদাম অৰ্থাৎ ৰজা অথবা ডা-ডাঙৰীয়াসকলৰ কবৰ সিঁচৰিত হৈ আছে । এইসমূহে এতিয়াও সোঁৱৰাই আছে আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউৰ গুৰুত্ব আৰু সেই সময়ৰ বিজ্ঞান-প্ৰযুক্তিৰ চানেকি । স্বৰ্গদেউসকলৰ মৃত্যুত মৈদামৰ স্থান নিৰ্ণয় কৰি শৱধোৱা পুখুৰীত মৃতদেহ ধুই কোঠালীযুক্ত মৈদামৰ ভিতৰত মৃতদেহটো ৰাখি মূল্যবান সা-সামগ্ৰীৰ লগতে স্বৰ্গদেৱে ব্যৱহাৰ কৰা সমলসমূহ ৰখা হয় ৷ পৰৱৰ্তী সময়ত এই মৃতদেহ ৰখা স্থানত অৰ্ধ গোলাকাৰ কৈ মাটিৰে ঢাকি দিয়া হয় । এনে শ শ মৈদাম বুকুত লৈ আজিও প্ৰাচ্যৰ পিৰামিড নগৰীৰূপে জিলিকি আছে চৰাইদেউ ।

প্ৰাকৃতিকভাৱে এক দুৰ্গলৈ পৰিণত হোৱা চৰাইদেউৰ ভৌগোলিক স্থিতিৰ বাবে সামৰিক ঘাটিলৈও পৰিণত হৈছিল ৷ নতুন ৰাজ্য স্থাপনৰ সময়ত আন বহু ৰাজ্যৰ লগত যুঁজ-বাগৰত লিপ্ত হ’বলগীয়া হৈছিল আহোমসকল । যাৰ বাবে দৰকাৰ আছিল প্ৰশিক্ষণপ্ৰাপ্ত সৈনিকৰ ৷ সৈনিকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে বৰ্তমান সোণাৰিৰ সমীপৰ টীয়ক বগৰীগুৰিত আহোমসকলে স্থাপন কৰিছিল এক সামৰিক প্ৰশিক্ষণ শিবিৰ । সহস্ৰাধিক সৰু সৰু টিলাৰ মাজত আহোম সৈনিকসকলক গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷ এনে উন্নত প্ৰশিক্ষণৰ বাবে সেই সময়ৰ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ যুঁজাৰু বাহিনী মোগলসকলে শিৰ নত কৰিবলগীয়া হৈছিল আহোম সেনাৰ ওচৰত ।

পৰিতাপৰ বিষয় আহোম ৰাজত্বৰ প্ৰথম ৰাজধানী কিন্তু অৱহেলিত আজিৰ দিনত । অবিশ্বাস্য কাৰিকৰী কৌশলেৰে নিৰ্মিত মৈদামসমূহৰ সৰহ সংখ্যক সংৰক্ষণৰ অভাৱত পৰি ৰৈছে । কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই মৈদামসমূহ । আনহাতে,বহু মৈদাম আজিকোপতি আছে বেদখলকাৰীৰ কবলত । অন্যহে নালাগে প্ৰথমগৰাকী আহোম স্বৰ্গদেউ চুকাফাৰ মৈদামলৈ যাবলগীয়া হয় আনৰ পদূলিৰে ৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এইসমূহৰ ভিতৰৰ মাত্ৰ চাৰিটা মৈদাম সংৰক্ষণ কৰিছে । ইতিমধ্যে মোগল আৰু মানৰ আক্ৰমণ আৰু পিছলৈ বৃটিছৰ দিনত এই মৈদামসমূহ লোট কৰা হৈছিল । তথাপিও বিশ্ব ঐতিহ্যৰূপে স্বীকৃত প্ৰদান কৰিব পৰা চৰাইদেউৰ অৱশিষ্টসমূহ সংৰক্ষণ কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগে । চৰাইদেউৰ স্বৰ্ণিল ইতিহাসক জীয়াই ৰাখিবলৈ চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এই মুহুৰ্তত এটি লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

লগতে চাওকঃ ভয়াৱহ দিশে ৰাজ্যৰ বান পৰিস্থিতিঃ 33 লাখ লোক বানৰ কবলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.