শিৱসাগৰ,7 এপ্ৰিল: ৰাজ্যৰ নিৰ্বাচনৰ মাজত যেন কৰবাত ম্লান পৰি আছিল অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ আগমনৰ বাতৰি । কিন্তু উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ লগে লগে ৰঙালীৰ চঞ্চলতা দেখা পোৱা গৈছে ৰাইজৰ মাজত । এফালে যদি কপৌফুলে বিহুৰ আগজাননী দিছে, আনফালে ঘৰৰ বাৰীৰ আমজোপাত বহি কুলীজনীয়ে বহাগ অহাৰ বতৰা আনিছে । মাটিৰ গোন্ধত বহাগ, বতাহত ৰঙালীৰ মাদকতা । এনেহেন পৰিৱেশত জানো অসমীয়া ডেকা-গাভৰু বহি থাকিব পাৰে !
তাৰ মাজতে শিৱসাগৰৰ বাণমুখ পাতৰ গাঁৱত দেখা গ’ল এক বিহুৰ পৰিৱেশ । প্ৰকৃতিৰ কলপতীয়া সাজ পৰিধান কৰি শতাধিক জীয়ৰীয়ে কঁকাল ভাঙি নাচিলে শিৱসাগৰত । ক্ৰমে হেৰাই যাব ধৰা গছৰ তলৰ বিহুৰ আখৰা কৰিলে প্ৰাণচঞ্চলা যুৱতীসকলে ।
মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মটক জনগোষ্ঠীৰ এসময়ৰ কৃষ্টি-পৰম্পৰা গছতল বিহুক পুনৰ জীয়াই তুলিবৰ বাবে এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল । উক্ত কৰ্মশালাত অংশ লোৱা দুই শতাধিক নাচনীয়ে বিহুগীতৰ তালে-তালে টকাৰ মৃদু ধ্বনিত নৃত্য পৰিৱেশন কৰি পুৰণিক ঘূৰাই অনাৰ আখৰা কৰিছে । কেৱল শিৱসাগৰৰে নহয়, উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাচনী আহি অংশ লোৱা এই কৰ্মশালাৰ সফল সমাপ্তিত উদ্যোক্তাসকলে সন্তুষ্টি প্ৰকাশ কৰিছে । আশা কৰিছে গাভৰুৰ মাজত পুনৰ প্ৰাণ পাই উঠিব এসময়ৰ জীপাল মটক কৃষ্টি ।
লগতে পঢ়কঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ