ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা শিৱসাগৰৰ পাঁচ ব্যক্তিৰ দেহত Covid-19 নিগেটিভ - শিৱসাগৰ কোৰেনটাইন কেন্দ্ৰ

বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত বহিঃৰাজ্যৰ পৰা অহা পাঁচ গৰাকী লোক ৷ ডিব্ৰুগড়ৰ পৰা তেওঁলোকক প্ৰশাসনৰ বিশেষ বাছৰে শিৱসাগৰলৈ অনা হয় ৷ প্ৰাথনিক তদন্তৰ অন্তত Covid-19 ৰ ফলাফলা নিগেটিভ আহিছে আটাইকেইজন ব্যক্তিৰ ৷

five person come to sivsagar, all are corona report negative
বহিঃৰাজ্যৰ পৰা অহা শিৱসাগৰৰ পাঁচ ব্যক্তিৰ দেহত Covid-19 নিগেটিভ
author img

By

Published : May 14, 2020, 7:52 PM IST

শিৱসাগৰ, 14 মে' : ৰাজধানী এক্সপ্ৰেছৰে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি পোৱা যাত্ৰী সকলৰ মাজৰ 5 গৰাকী ব্যক্তি বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় ৷ তেওঁলোক ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছত ব্যক্তি কেইগৰাকীক শিৱসাগৰ জিলা প্ৰশাসনে বিশেষ বাছৰ জৰিয়তে গৃহ জিলা শিৱসাগৰলৈ লৈ অনা হয় ৷ উক্ত ব্যক্তি কেইগৰাকীৰ তিনি জনক জিলা প্ৰশাসনে ডিমৌত আৰু আন দুজনক শিৱসাগৰ কোৰেনটাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, ৰেলেৰে অহা এই লোক সকলক ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জৰিয়তে অনা হয় । এগৰাকী দণ্ডাধীশৰ নেতৃত্বত প্ৰেৰণ কৰা এটা দলে শিৱসাগৰৰ ব্যক্তি 5 গৰাকীক নিজ গৃহ জিলালৈ নিৰাপদ ভাবে অনা হয় । শিৱসাগৰ নগৰ পোৱাৰ পূৰ্বে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ডিমৌৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰা হয় । প্ৰাথমিক পৰীক্ষাত তেওঁলোকৰ শৰীৰত Covid-19 ৰ কোনো ধৰণৰ লক্ষণ নাই বুলি স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে ।

বহিঃৰাজ্যৰ পৰা অহা শিৱসাগৰৰ পাঁচ ব্যক্তিৰ দেহত Covid-19 নিগেটিভ

উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলৰ বাবে জিলাখনত ইতিমধ্যে মুঠ 1015 খন বিচনা সাজু কৰি ৰখা হৈছে । ইয়াৰে থাওৰা বিধানসভা সমষ্টিৰ অধীনত 256 খন, আমগুৰি বিধানসভা সমষ্টিৰ অধীনত 135 খন, শিৱসাগৰ বিধানসভা সমষ্টিৰ অধীনত 325 খন আৰু নাজিৰা বিধানসভা সমষ্টিৰ অধীনত 299 খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । সমগ্ৰ জিলা খনত স্বাস্থ্য বিভাগে বৰ্তমান পৰ্যন্ত 428 গৰাকী লোকৰ Covid-19 ৰোগৰ পৰীক্ষা কৰিছে । ইয়াৰে ভিতৰত 361 গৰাকীৰ ফলাফল নেগেটিভ পোৱা গৈছে । কিন্তু বৰ্তমানেও 67 জনৰ ফলাফল আহিবলৈ বাকী আছে ৷

লগতে পঢ়ক : বিশেষ ৰে'ল সেৱাৰ ক্ষেত্ৰত নতুন নিৰ্দেশাৱলী ভাৰতীয় ৰে'লৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.