ETV Bharat / state

বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ - Entertoxmia disease spread among goats at barahibari

বৰাহীবাৰীত অধিকাংশ ছাগলীৰ দেহত এণ্টাৰটক্সমিয়া ৰোগ(Entertoxmia disease spread among goats) ৰ অৱস্থিতি ৷ যাৰ বাবে একপ্ৰকাৰ চিন্তিত হৈ পৰিছে ছাগলী পালকসকল ৷ এই ৰোগবিধৰ সংক্ৰমণৰ বাবে বৰাহীবাৰীলৈ আহিছে বৰ্ণিহাট ছাগলী গৱেষণা কেন্দ্ৰ(Goat Research station Byrnihat) ৰ বিশেষজ্ঞ চিকিৎসক ৷ এই চিকিৎসকসকলে এণ্টাৰটক্সমিয়া ৰোগবিধত আক্ৰান্ত ছাগলীবোৰ পৰীক্ষা কৰি প্ৰদান কৰিছে প্ৰতিষেধক ৷

entertoxmia-disease-spread-among-goats-at-barahibari-sivsagar
বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ
author img

By

Published : Apr 30, 2022, 2:25 PM IST

আমগুৰি, 30 এপ্ৰিল : বিগত সময়ত ৰাজ্যত দেখা দিয়া ছোৱাইন ফ্লুৰ সংহাৰত মৃত্যুমুখত পৰিছিল বহুসংখ্যক গাহৰি ৷ কিন্তু এইবাৰ গাহৰি নহয়, ছাগলীৰ ক্ষেত্ৰতহে দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগে(Entertoxmia disease spread among goats) ৷ যাৰ বাবে একপ্ৰকাৰ চিন্তিত হৈ পৰিছে ছাগলী পালকসকল ৷

আমগুৰিৰ বৰাহীবাৰীত প্ৰায়সংখ্যক লোকে পোহা ছাগলীৰ দেহত এনে ৰোগৰ অৱস্থিতি ধৰা পৰাত খবৰ দিয়া হৈছে পশু চিকিৎসকৰ লগতে বিভাগটোৰ সৈতে জড়িত বিশেষজ্ঞসকলক ৷ বিশেষকৈ এই সময়চোৱাত অপৰ্যাপ্ত পৰিমাণে থকা কোমল ঘাঁহ খোৱাৰ ফলতে ছাগলীবোৰ আক্ৰান্ত হৈছে এই ৰোগবিধত ৷ অঞ্চলটোত বহুসংখ্যক ছাগলী মৃত্যুমুখত পৰাৰো খবৰ পোৱা গৈছে ৷

বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ

ছাগলীৰ ক্ষেত্ৰত দেখা দিয়া একপ্ৰকাৰ মহামাৰী সদৃশ এই ৰোগবিধৰ সংক্ৰমণৰ বাবে বৰাহীবাৰীলৈ আহিছে বৰ্ণিহাট ছাগলী গৱেষণা কেন্দ্ৰ(Goat Research station Byrnihat) ৰ বিশেষজ্ঞ চিকিৎসক ৷

এই চিকিৎসকসকলে এণ্টাৰটক্সমিয়া ৰোগবিধত আক্ৰান্ত ছাগলীবোৰ পৰীক্ষা কৰি প্ৰদান কৰিছে প্ৰতিষেধক ৷ তদুপৰি হায়দৰাবাদৰ বিশেষজ্ঞ চিকিৎসক, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ চিকিৎসক আৰু বিজ্ঞানী আহি উপস্থিত হৈছে বৰাহীবাৰীত ৷

লগতে চাওক: ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.