ETV Bharat / state

আমগুৰিত সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ । সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে আমগুৰি ।

আমগুৰিত সোণোৱালৰ প্ৰতিমূৰ্তি দাহ
আমগুৰিত সোণোৱালৰ প্ৰতিমূৰ্তি দাহ
author img

By

Published : Feb 1, 2021, 4:28 PM IST

আমগুৰি, ১ ফেব্ৰুৱাৰী: পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা ৷ সোমবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিলে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷

দেওবাৰে শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইন-2019 ৰ বিৰুদ্ধে আছুকর্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সেই প্ৰতিবাদস্থলীতেই অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক ৷ দেওবাৰৰ সেই ঘটনাৰ পাছতেই গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

তাৰ প্ৰতিবাদতে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে । সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে আমগুৰি ।

লগতে পঢ়ক:হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.