ETV Bharat / state

গুৰুত্বহীনতাত ভগ্নাৱশেষলৈ পৰিণত আমগুৰিৰ এখন সমবায় সমিতি - হস্ততাঁত শিল্প বিভাগ

জাঁজীত 1962 চনতে স্থাপিত হস্ততাঁত শিল্প বিভাগৰ এখন সমবায় সমিতিৰ দুৰাৱস্থাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ । সমবায় সমিতিখনৰ 28 টাকৈ শিপিনী আৰু বিভাগীয় বিষয়া থাকিব পৰা আৱাস গৃহ বৰ্তমান এলাগী হৈ পৰা ফলস্বৰূপে হাবি-জংঘলে আৱৰি ধৰা লগতে জহি-খহি যাবলৈ আৰম্ভ কৰিছে ।

demage a samabai samitee at amguri
গুৰুত্বহীনতাত ভগ্নাৱশেষলৈ পৰিণত আমগুৰি এখন সমবায় সমিতি
author img

By

Published : Nov 16, 2020, 10:16 AM IST

Updated : Nov 16, 2020, 11:14 AM IST

আমগুৰি, 16 নৱেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত জাঁজীত 1962 চনতে স্থাপিত হোৱা হস্ততাঁত শিল্প বিভাগৰ এখন সমবায় সমিতিৰ দুৰাৱস্থাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ । 16 বিঘা মাটিৰে পৰিবেষ্টিত জাঁজী বোৱা-কটা সমবায় সমিতিখন বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে এৰাবাৰীত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

স্থানীয় সচেতন লোকে সদৰি কৰা মতে, সমবায় সমিতিখনৰ 28 টাকৈ শিপিনী আৰু বিভাগীয় বিষয়া থাকিব পৰা আৱাস গৃহ বৰ্তমানে এলাগী হৈ পৰাৰ ফলস্বৰূপে হাবি-জংঘলে আৱৰি ধৰা লগতে জহি-খহি যাবলৈ আৰম্ভ কৰিছে । সমান্তৰালভাৱে সমষ্টিটোৰ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা আৰু সৱলীকৰণৰ পূৰ্ণ সম্ভাৱনা থকা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগটোৰ এনে দুৰাৱস্থাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

demage a samabai samitee at amguri
এলাগী হৈ পৰা সমবায় সমিতি

ইফালে, বিভাগটোত 17 বছৰে বিনা বেতনে চকীদাৰী কৰি আহিছে নিতুল বৰুৱা নামৰ এজন ব্যক্তিয়ে । এনে অৱস্থাত উক্ত সমবায় সমিতিখন কাৰ্যক্ষম কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়কঃবিটিচিত চৰকাৰ গঠন কৰাৰ দাবী নৱ শৰণীয়াৰ

Last Updated : Nov 16, 2020, 11:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.