ETV Bharat / state

Debabrata Saikia at Amguri: আমগুৰি গ্ৰাম্য আৰু নগৰ মণ্ডলত নিৰ্বাচনী ৰণশিঙা দেৱব্ৰত শইকীয়াৰ - লোকসভা নিৰ্বাচন

আমগুৰিত ৰাজনীতিৰ নতুন সমীকৰণ । আমগুৰি নগৰত নতুন ৰাজীৱ ভৱন উদ্বোধন । বিলুপ্ত আমগুৰি সমষ্টিৰ পৰা শেহতীয়াকৈ নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা আমগুৰি গ্ৰাম্য আৰু নগৰ মণ্ডলত নিৰ্বাচনী ৰণশিঙা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ । শ্ৰী ৰামৰ বনবাসৰ সময়ত ভ্ৰাতৃ ভৰতে জ্যেষ্ঠ ভাতৃৰ পাদুকাযোৰ মূৰত লৈ ৰাজশাসন চলোৱাৰ দৰে বৰ্তমান আমগুৰি সমষ্টি বনবাসত থকা বুলি ধৰি কাম-কাজ চলাই যোৱাৰ কথা উল্লেখ দেৱব্ৰত শইকীয়া়ৰ ।

Debabrata Saikia at Amguri
আমগুৰি গ্ৰাম্য আৰু নগৰ মণ্ডলত নিৰ্বাচনী ৰণশিঙা দেৱব্ৰত শইকীয়াৰ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:41 PM IST

আমগুৰি গ্ৰাম্য আৰু নগৰ মণ্ডলত নিৰ্বাচনী ৰণশিঙা দেৱব্ৰত শইকীয়াৰ

আমগুৰি, ২৮ আগষ্ট: যেনেকৈ শ্ৰী ৰামৰ বনবাসৰ সময়ত ভ্ৰাতৃ ভৰতে জ্যেষ্ঠ ভাতৃৰ পাদুকা যোৰ মূৰত লৈ ৰাজশাসন চলাইছিল সেইদৰে মই বৰ্তমান আমগুৰি সমষ্টি বনবাসত আছে বুলি ধৰি কাম-কাজ চলাই যাম । সোমবাৰে আমগুৰিত ৰাজীৱ ভৱন উদ্বোধন কৰি এই মন্তব্য কৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই । তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ সুবিধা অনুযায়ী সমষ্টি বিলুপ্তকৰণ কৰাৰ ফলত উজনিৰ আমগুৰিৰ দৰে এটা সমষ্টিৰ বিলুপ্তি ঘটিল বুলি ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ লগতে শাসকীয় দলটোক সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে কিদৰে আঞ্চলিক দলবোৰক গ্ৰাস কৰে সেয়া ইতিহাস পৰ্যবেক্ষণ কৰিলে গম পাব বুলি উল্লেখ কৰে । কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে সদায়েই আঞ্চলিক দলবোৰক সন্মান কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে ইণ্ডিয়া মিত্ৰজোঁটত থকা যিকোনো দলেই যিকোনো সমষ্টিৰ পৰা লোকসভাৰ প্ৰাৰ্থিত্ব বিচাৰিব পাৰে বুলি উল্লেখ কৰি জন সমৰ্থন থকা প্ৰাৰ্থীকহে ইণ্ডিয়া মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি কয় । তেওঁ লগতে সকলোকে ইগ’ ত্যাগ কৰি বিজেপি দলক পৰাজিত কৰিবলৈ ঐক্যবদ্ধ হ’ব লাগিব উল্লেখ কৰে ।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ তিনিখন আসন পাব বুলি দলৰ সভাপতিয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শইকীয়াই সভাপতিয়ে যি কৈছে আমি তাকে মানি লম বুলি কয় । কাৰণ দলৰ সভাপতিয়ে কোনো তথ্যৰ ভিত্তিতহে মন্তব্য কৰিছে বুলি উল্লেখ কৰি তেওঁ মন্তব্যৰ বিপৰীতে দহখন বা সাতখন আসন পাম বুলি কোৱাটো দল বিৰোধী হ’ব বুলি কয় ৷

আনহাতে Cash for Job সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক বিৰোধী দলপতিগৰাকীয়ে বিশ্বাস কৰা নাই বুলি মন্তব্য কৰি তেওঁ এই কেলেংকাৰীত বহু বিয়াগোম নেতাৰ নাম সাঙোৰ খোৱাৰ কথা ব্যক্ত কৰে । তেওঁ লগতে স্বচ্ছ প্ৰশাসনৰ কথা কোৱা মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দাবী কৰে । আনহাতে অসমৰ ঠায়ে ঠায়ে স্থাপন কৰা টোলগেটৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ অসমৰ ৰাইজে পথৰ পৰিৱৰ্তে এতিয়া সুৰংগ খান্দি যাতায়াত কৰিব লাগিব বুলি মন্তব্য কৰে ৷

ইফালে শিৱসাগৰ জিলাৰ তত্বাৱধায়কৰ দায়িত্বত থকা বিতোপন শইকীয়াই ভাষণত সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ ভাষণ প্ৰদান কৰিবলৈ গৈ সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ বৰ্তমান সংবাদ মাধ্যমে কেৱল বিজ্ঞাপনৰ বাবে চৰকাৰী পক্ষৰ গুণ গান গাই সাধাৰণ ৰাইজৰ দুখ দুৰ্দশাৰ বাতৰি পৰিবেশন নকৰে বুলি মন্তব্য কৰে ।

ইফালে ৰাজীৱ ভৱন উদ্বোধন অনুষ্ঠানত এচুকত তাঁৰেৰে ওলোমাই ৰখা তিনিবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অনাদৃত হৈ ৰোৱা ফটোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ মুখপাত্ৰ মনোৰঞ্জন গোহাঁইয়ে সকলোৰে সন্মুখত ক্ষমা বিচাৰে । নতুন ৰাজীৱ ভৱন উদ্বোধন যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ মনোৰঞ্জন গোহাঁই, জিলা সভাপতি মঞ্জীৰ গগৈ, শিৱসাগৰ জিলাৰ তত্বাৱধায়ক বিতোপন শইকীয়াৰ লগতে আমগুৰিৰ কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: Assam Meghalaya Border dispute: সীমা সমস্যা সমাধানৰ বাবে শ্বিলঙত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.