ETV Bharat / state

গৌৰীসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 29 সংখ্যক মৃত্যু বাৰ্ষিকী পালন

author img

By

Published : Aug 9, 2020, 5:14 PM IST

হত্যাৰ 29 টাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো কোনো শাস্তি নহ'ল হত্যাকাৰীৰ ৷ পৰিয়ালে ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি সুদীৰ্ঘ সময় অপেক্ষা কৰিলে ৷ পিছে কমলা শইকীয়াৰ পৰিয়ালক আজি পৰ্যন্ত ন্যায় দিবলৈ সমৰ্থ নহ'ল ভাৰতীয় আইন ব্যৱস্থা ৷

Death anniversary of Journalist Kamala Saikia observed at Sivsagar
গৌৰীসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 29 সংখ্যাক মৃত্যু বাৰ্ষিকী পালন

আমগুৰি, ৯ আগষ্ট: আজি অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 29 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ হত্যাৰ 29 টাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো কোনো শাস্তি নহ'ল হত্যাকাৰীৰ ৷ পৰিয়ালে ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি সুদীৰ্ঘ সময় অপেক্ষা কৰিলে ৷ পিছে কমলা শইকীয়াৰ পৰিয়ালক আজি পৰ্যন্ত ন্যায় দিবলৈ সমৰ্থ নহ'ল ভাৰতীয় আইন ব্যৱস্থা ৷ সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতিবছৰৰ দৰে এই বছৰো 9 আগষ্টৰ দিনটোত পালন কৰা হৈছে প্ৰয়াত কমলা শইকীয়া মৃত্যু তিথি ৷ দেওবাৰে আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিউন (আপকু) শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ গৌৰীসাগৰ সহযোগত গৌৰীসাগৰ বহুমূখী প্ৰকল্প প্ৰাংগনত অনুষ্ঠিত কৰা হয় কমলা শইকীয়াৰ মৃত্যু তিথি ৷

প্ৰয়াত কমলা শইকীয়াৰ অৱক্ষয় মুৰ্তিৰ আধাৰশিলা শুভাৰম্ভ

শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভনি কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জেষ্ঠ সাংবাদিক সৌমাৰ জ্যোতি মহন্তই উদ্ধোধন কৰা এই মৃত্যু তিথি উদযাপন অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ৷ অনুষ্ঠানৰ মাজতে সাংসদ তপন কুমাৰ গগৈয়ে প্ৰয়াত কমলা শইকীয়াৰ অৱক্ষয় মূৰ্তিৰ আধাৰশিলা শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে 1991 চনৰ 9 আগষ্টৰ দিনা আততায়ীয়ে অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি আমগুৰিৰ ৰাজপথত গুলিয়াই হত্যা কৰিছিল শ্বহীদ সাংবাদিক গৰাকীক ৷ এইজনা সৎ,সাহসী সাংবাদিকৰ নেতৃত্বতেই দিখৌমুখ অঞ্চলৰ ৰাইজে অঞ্চলটোত পোহৰৰ সন্ধান পোৱাৰ লগতে বিদ্যালয়,মহাবিদ্যালয়,চিকিৎসালয়,পানী যোগান আঁচনি,পকী ৰাস্তা ঘাট আৰু পৰিবহণ ব্যৱস্থাৰ মুখ দেখিবলৈ সক্ষম হৈছিল ৷ সেইবাবেই সমগ্ৰ দিখৌমুখবাসীয়ে শ্বহীদ কমলা শইকীয়াক আজিও আধুনিক দিখৌমুখৰ নিৰ্মাতা বুলি শ্ৰদ্ধাৰে সুঁৱৰি আহিছে ৷ কমলা শইকীয়াৰ হত্যাকাৰীৰ শাস্তিৰ প্ৰসংগত বিগত সময়ত বহু প্ৰতিবাদ হ'ল যদিও মুকলিভাৱেই ঘূৰি ফুৰিছে তেওঁৰ হত্যাকাৰ ৷ নিৰ্ভীক সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতি বছৰে 9 আগষ্টৰ দিনটোত তেওঁৰ ফটোত কেইপাহমান ফুল দিয়াৰ বাহিৰে আন একোৱেই নহ'ল ৷ এইগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া দিখৌমুখৰ বাবে এক অমূল্য সম্পদেই নাছিল,যিজন আছিল আধুনিক দিখৌমুখৰ নিৰ্মাতা স্বৰূপ ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.