শিৱসাগৰ, 18 জুলাই: "সি বোকাখাত পাওঁতে নিশা 2.30 বজাত মোক শেষৰবাৰ ফোন কৰিছিল ৷ কৈছিল মোক বাইতা মই এনেই আহিলো ৷ ইহঁতে বাছত বোলে দুজন হেণ্ডিমেন নাৰাখে ৷ মোক কাইলৈৰ পৰা গাড়ীত আহিব দিয়া নাই ৷" মৰমৰ ভাইটোৰ কথা কৈ উচুপি উঠিল ৰাকেশৰ ভগ্নী গুলনাহাৰ বেগম (Premeditated murder case in Sivasagar) ৷
শিৱসাগৰত দেওবাৰে পুৱতি নিশা এখন বাছৰ পৰা ৰাকেশ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Deadbody recovered in Sivasagar)৷ ইয়াৰ পিছতেই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় (Sivasagar crime news) ৷ গুৱাহাটীৰ পৰা সোণাৰিলৈ আহি থকা মা ট্ৰেভেলছ নামৰ নৈশ বাছখনত দুই বন্ধুৰ অনুৰোধ মৰ্মে হেণ্ডিমেন কামৰ বাবে উঠিছিল ৰাকেশ আলী নামৰ নগাঁৱৰ এজন যুৱক ৷
দেওবাৰে দুপৰীয়া ১১ বজাত বাছখনৰ চালক দুলু গগৈৰ আমন্ত্ৰণ ক্ৰমে নগাঁও আস্থানত বাছত উঠিছিল ৰাকেশে ৷ উঠিয়েই শিৱসাগৰস্থিত ভগ্নী গুলনাহাৰক ফোন কৰি অহাৰ কথা কৈছিল ৷ তাৰ পিছৰে পৰাই ৰাকেশে বিয়লি প্ৰায় 2.30 বজালৈ ভগ্নীক ফোন কৰি প্ৰতিটো কথাই জনাই আছিল ৷ প্ৰকৃততে এই ঘটনাৰ দুদিনমানৰ পূৰ্বে মা ট্ৰেভেলছৰ গাড়ীৰ চলাক আৰু হেণ্ডিমেনজনক ৰাকেশহঁতৰ ঘৰলৈ ভাত খাবলৈ গৈছিল ৷ তেতিয়াই ৰাকেশক গাড়ীত যাবলৈ মানুহ নাই বাবেই হেণ্ডিমেন কামৰ বাবে তাকো আহিবলৈ অনুৰোধ কৰিছিল (Sivasagar murder case) ৷
ৰাকেশে দৈনিক হাজিৰা কৰি ঘৰৰ খৰচ উলিয়াই থকাৰ বাবে প্ৰথমে বাছখনত যাবলৈ মান্তি হোৱা নাছিল যদিও বন্ধুৰ কথা এৰাব নোৱাৰি 17 জুলাইত বাছখনত অহাৰ সিদ্ধান্ত কৰিলে ৰাকেশে ৷ কিন্তু বাছত উঠাৰ পিছতেই দুই বন্ধুৱে ৰাকেশক আকৌ বাছত আহিবলৈ নালাগে বুলি কয় ৷ এখন বাছত দুজন হেণ্ডিমেনৰ প্ৰয়োজন নাই বুলি কৈ দিয়াত এই কথা ঘৰত অৱগত কৰে ৰাকেশে ৷
তাৰ পিছতেই পুনৰ প্ৰায় তিনি ঘন্টা মানৰ পিছত ৰাকেশৰ মোবাইল ফোনৰ পৰা বাছখনৰ এজন চালকে ৰাকেশ সংজ্ঞাহীন হৈ বাছত পৰি থকা বুলি ঘৰত অৱগত কৰে ৷ ততালিকে ঘৰৰ লোকক ৰাকেশক লৈ যাবলৈ জনায় ৷ লগে লগে গুলনাহাৰ সহ পৰিয়ালৰ লোকে আহি বাছখনৰ তলৰ পৰা ৰাকেশক মুখৰ পৰা ফেন উলাই থকা অৱস্থা উদ্ধাৰ কৰে ৷
পৰিয়ালৰ লোকে ৰাকেশক হাস্পতালত ভৰ্তি কৰে যদিও ডেৰ ঘণ্টাৰ পূৰ্বে তেওঁৰ মৃত্যু হোৱা বুলি পঠিয়াই দিয়ে ৷ ৰাকেশৰ ভগ্নী গুলনাহাৰ বেগমে এইয়া গাড়ীখনৰ চালক আৰু হেণ্ডিমেনজনৰ এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (Case registered at Sivasagar thana)৷
ঘটনাস্থলীত সদৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে (Sibasagar civil hospital)। ‘‘মই তাক আৰু ঘুৰাই নাপাওঁ ৷ মোক ভাইটিৰ হত্যাৰ ন্যায় লাগে’’ বুলি কান্দোনত ভাগি পৰে গুলনাহাৰ ৷ ইফালে নৈশ বাছখন নাৰ্চিং হোমৰ সন্মুখতেই এৰি দুলু গগৈ সহিতে এজন সহ চালকে সদৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰাৰ কথা জানিব পৰা গৈছে ৷ এতিয়াও মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : Brutal murder in Nagaon: ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ এমৰাদুলৰ বিৰুদ্ধে