আমগুৰি, 9 নৱেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমুহৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে নিজৰ দলৰ স্থিতি সৱল কৰাত ব্যস্ত হৈ পৰিছে দল সমূহৰ নেতা কৰ্মী সকল ৷ ইয়াৰ মাজতে দেওবাৰে আমগুৰিৰ জাঁজী মৰাণছিগাত অনুষ্ঠিত হয় অগপত যোগদান সমাৰোহ ৷ উক্ত অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত অগপ দলত যোগদান কৰে শতাধিক পৰিয়ালে ৷
যোগদান সমাৰোহত মিঞা মিউজিয়ামৰ প্ৰসংগত সোচ্চাৰ হৈ উঠে বিধায়ক প্ৰদীপ হাজৰিকা ৷ মিঞাসকলৰ মাজত চোৰ,ডকাইত,ধৰ্ষণকাৰীৰ দৰে অপৰাধী লুকাই আছে বুলি উল্লেখ কৰি শ্বেৰমান আলিৰ মিঞা মিউজিয়ামৰ দাবী দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে অসমীয়া জাতিলৈ মিঞাৰ অৱদান কি ? শ্বেৰমান আলিৰ বয়স কিমান বুলি প্ৰশ্ন কৰে বিধায়ক গৰাকীয়ে ৷ লগতে বিধায়ক গৰাকীয়ে কয় যে,"অসম চুক্তিৰ মতে কোন স্বদেশী কোন বিদেশী এতিয়াও নিশ্চিত হোৱা নাই ৷ অসমীয়া জাতিৰ ধৈৰ্য পৰীক্ষা কৰা উচিত নহয় ৷ অসমীয়া জাতিৰ ওপৰত বহু ধুমুহা পাৰ হৈ গৈছে আৰু তাক অসমীয়াই নিজে প্ৰতিহত কৰিছে ,তাত কোনো মিঞা জাতিৰ অৱদান নাই " ৷ যদি অসমীয়ৰ লগত বিলীন হৈ যাব খুজিছে তেনেহলে মিঞা সকল একো একোজন জ্যোতিপ্ৰসাদ আগৰৱালা হ'বলৈ চেষ্ট কৰক বুলি আহ্বান জনাইছে বিধায়ক প্ৰদীপ হাজৰিকাই ৷
লগতে পঢ়কঃ হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই