ETV Bharat / state

ক'ভিড প্ৰ'টকল মানি চলক : কঠোৰ হৈছে শিৱসাগৰ জিলা প্ৰশাসন - শিৱসাগৰ জিলা

ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো মঙলবাৰে সন্ধিয়া ছয় বজাতে দেখা গ’ল নিমাওমাও পৰিবেশ ৷ চৰকাৰৰ নিৰ্দেশনা মানি সন্ধিয়াতে দোকান-পোহাৰ বন্ধ কৰিলে ব্যৱসায়ীসকলে ৷

কঠুৰ হৈছে শিৱসাগৰ জিলা প্ৰশাসন
কঠুৰ হৈছে শিৱসাগৰ জিলা প্ৰশাসন
author img

By

Published : Apr 21, 2021, 1:49 PM IST

শিৱসাগৰ, 21 এপ্ৰিল : ক'ভিড ১৯ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা শিৱসাগৰ জিলাৰ প্ৰায়বোৰ প্ৰান্ততে সুচাৰুৰূপে পালন কৰা দেখা গৈছে ৷ যোৱা দিনটোত সন্ধ্যা ৬ বজাৰ লগে লগে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বাদ দি আন আন সকলো দোকান-পোহাৰ বন্ধ হৈ পৰা পৰিলক্ষিত হয় ।

ইয়াৰ সমান্তৰালভাৱে ক'ভিড সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰা পাচতে কঠোৰ হৈ পৰা দেখা গৈছে শিৱসাগৰ জিলা প্ৰশাসন ৷ সন্ধিয়া 6 বজাৰ লগে লগে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ, ষ্টেচন চাৰিআলি বজাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰা দেখা গৈছে ৷

লগতে পঢ়ক: ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.