ETV Bharat / state

Covid 19 update : শিৱসাগৰত শিক্ষাৰ্থীৰ দেহত কৰ’ণাৰ দ্ৰুত সংক্ৰমণ - বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়

ৰাজ্যত বিদ্যালয় সমূহ খোলাৰ পিছতেই শিৱসাগৰত সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ’ণাই ৷ বিদ্যালয় বন্ধৰ লগতে পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনা ৷

found-covid-positive-cases-in-school-of-sivsagar
শিৱসাগৰত শিক্ষাৰ্থীৰ দেহত কৰ’ণাৰ দ্ৰুত সংক্ৰমণ
author img

By

Published : Nov 15, 2021, 7:14 PM IST

শিৱসাগৰ, 15 নৱেম্বৰ : শিৱসাগৰৰ বিদ্যালয়ে বিদ্যালয়ে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটিছে ৷ ইখনৰ পিছত সিখনকৈ বিদ্যালয়ত ক’ভিড আতংকই বিৰাজ কৰিছে ৷ এইবাৰ জিলাখনৰ বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ 15 গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷

দেওবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা একেখন বিদ্যালয়তে কৰ্মৰত তেওঁৰ পত্নীৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে সোমবাৰে বিদ্যালয়খনৰ 104 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ এই পৰীক্ষাত 15 গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰে ৷

শিৱসাগৰত সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ’নাই

উল্লেখযোগ্য যে, কেইটামান দিন পূৰ্বে নামতি অঞ্চলৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ 22 গৰাকী বিদ্যাৰ্থী আৰু 4 গৰাকী শিক্ষক ক’ভিড 19 ত আক্ৰান্ত হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছিল ৷

ইফালে ছমহীয়া পৰীক্ষা চলি থকাৰ মাজতে বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ 15 গৰাকীকৈ বিদ্যাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত বিদ্যালয়খনৰ ছমহীয়া পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ অভিভাৱক সকলো এই বিষয়টো লৈ চিন্তিত হৈ পৰিছে ৷

লগতে চাওক : Suspected Murder : মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.