ETV Bharat / state

ক’ভিড-19ত আক্ৰান্ত হৈ আমগুৰিত এজনৰ মৃত্যু

author img

By

Published : May 6, 2021, 10:13 PM IST

বৃহস্পতিবাৰে আমগুৰি আৰু ম’ৰাবজাৰত এজনকৈ লোক ক’ভিড-19 পজিটিভ ধৰা পৰে ৷ আমগুৰিত চিনাক্ত কৰা গৰাকী টিফুক চাহ বাগিচাৰ আৰু ম’ৰাবজাৰত চিনাক্ত কৰা গৰাকী জৰাবাৰী বামুণ গাঁৱৰ বুলি জানিব পৰা গৈছে ৷

ক’ভিড-19ত আক্ৰান্ত হৈ আমগুৰিত এজনৰ মৃত্যু
ক’ভিড-19ত আক্ৰান্ত হৈ আমগুৰিত এজনৰ মৃত্যু

আমগুৰি,৬ মে: শিৱসাগৰৰ হালোৱাটিঙত ক’ৰণাত আক্ৰান্ত হৈ এজন ব্যক্তিয়ে মৃত্যুক আকোঁৱালি লৈছে ৷ ক’ৰণাৰ দ্বিতীয় লহৰত হালোৱাটিঙৰ নেপালী বস্তি জয়নুৰ আলী( ৬৫) নামৰ ব্যক্তিজনৰ ঘৰতে মৃত্যু হয় ৷ উল্লেখযোগ্য যে, কিছুদিনৰ পৰা জ্বৰত ভোগি থকা ব্যক্তিজনে টীয়কৰ এজন চিকিৎসকৰ ওচৰত চিকিৎসা কৰি আছিল যদিও মঙলবাৰে তেওঁৰ ক’ভিড টেষ্ট কৰাত পজিটিভ ধৰা পৰে ৷ তাৰ পিছতে ব্যক্তিগৰাকীৰ বুধবাৰে নিশা মৃত্যু হয় ৷ সম্প্ৰতি প্ৰশাসনে ক’ভিড প্ৰট’কল অনুসৰি তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে ৷

আনহাতে বৃহস্পতিবাৰে আমগুৰি আৰু ম’ৰাবজাৰত এজনকৈ লোক ক’ভিড-19 পজিটিভ ধৰা পৰে ৷ আমগুৰিত চিনাক্ত কৰা গৰাকী টিফুক চাহ বাগিচাৰ আৰু ম’ৰাবজাৰত চিনাক্ত কৰা গৰাকী জৰাবাৰী বামুণ গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ ইফালে আমগুৰিত বৃহস্পতিবাৰে মুঠ পাঁচজনৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰে ৷ ইয়াকে লৈ আমগুৰিত ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা 24 জনলৈ বৃদ্ধি পালে ৷ একেদৰে জাঁজী চিকিৎসালয়তো তিনি গৰাকী ব্যক্তি ক‘ভিড-19 পজিটিভ ধৰা পৰে ৷

লগতে পঢ়কঃ কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.