শিৱসাগৰ, 13 আগষ্ট : গেৰুৱা দল,ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ মোহ ভংগ হৈছে । বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে মানুহৰ আৱেগক শোষণ কৰি ৰাইজক প্ৰতাৰণা কৰিছে,বুলি বিজেপিবিৰোধী মন্তব্য় কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰিপুন বৰাই ৷
লগতে পঢ়কঃ সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ
সংবাদমেলৰ জৰিয়তে কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পদ নোপোৱাৰ ফলত ক্ৰমান্বয়ে হতাশ হৈ পৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শেহতীয়াকৈ বিত্তমন্ত্ৰীৰ নিৰ্বাচনকেন্দ্ৰীক ঘোষণাসমূহকো সমালোচনা কৰে ৰিপুন বৰাই ৷ লগতে বিত্তমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা এতোলা সোণ দিয়া,স্কুটি প্ৰদান কৰিম বুলি কোৱা আঁচনিসমূহৰ বর্তমানৰ অৱস্থা কি বুলি ওলোটাই প্ৰশ্ন বান এৰে বৰাই ।
আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ বাবে উজনি অসম ভ্ৰমণ কৰা সভাপতিগৰাকীয়ে ৰাইজে বিকল্পৰ সন্ধান কৰিছে বুলি উল্লেখ কৰে ৷ লগতে কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত মহাজোঁট বন্ধনৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সাংবাদিকৰ আগত অৱগত কৰে । ইয়াৰোপৰি, AIUDFসহ ভালেমান দলৰ সৈতে মহাজোঁট গঠন কৰি নিৰ্বাচনী ৰণত নামিবলৈ দলটো সাজু হৈছে বুলি সংবাদমেলৰ জৰিয়তে ৰিপুন বৰাই প্ৰকাশ কৰে ।
লগতে পঢ়কঃ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ-কন্যাৰ
সভাপতিগৰাকীয়ে দিচাংমুখ টেকেলিফুটা দলং নিৰ্মাণ,কাম বন্ধ হৈ থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে ৷ লগতে কংগ্ৰেছ দল শাসনলৈ আহিলে ভালেমান উন্নয়নমূলক কাম-কাজ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰিপুন বৰাই । লগতে EIA বাতিলৰো দাবী কৰে ৰিপুন বৰাই ৷ পৰিৱেশ সম্পৰ্কীয় এই খচৰাখনে ভাৰতৰ লগতে ৰাজ্যলৈও অন্ধকাৰ নমাই আনিব বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷
আনহাতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক বুধবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । উল্লেখযোগ্য যে এই সংবাদমেলৰ পাছতে ৩৫ গৰাকীকৈ যুৱ প্রজন্মই কংগ্ৰেছ দলত যোগদান কৰে ।