শিৱসাগৰ, 27 মাৰ্চঃ শুকুৰবাৰে শিৱসাগৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জৰুৰী বৈঠকত বহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বুজ ল'লে শিৱসাগৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ৷ তেওঁ সাংবাদিকৰে হোৱা মত বিনিময়ত কৰ'ণাক লৈ প্ৰতিটো সময়তে সষ্টম হৈ থাকিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে লক ডাউন মানি চলিবলৈ ৰাইজক আহ্বান জনায় ৷ ইয়াৰোপৰি লক ডাউন নমনা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলিও জনায় ৷
লগতে পঢ়কঃ আতংকিত নহব, হেল্পলাইন নম্বৰৰ সহায় লওক