শিৱসাগৰ,17 অক্টোবৰ: কোভিড 19 ৰ গইনা লৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ উপযুক্ত চিকিৎসাৰ অবিহনে চিকিৎসালয়ৰ ষ্ট্ৰেচাৰতে এগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে সন্তান ৷ কোনো চিকিৎসক-নাৰ্চ অবিহনে প্ৰসূতিগৰাকীয়ে সন্তান জন্ম দিয়া কাৰ্যই লাভ কৰিছে বিশেষ চৰ্চা ৷ ঘটনাৰ বিৱৰণী অনুসৰি,শুকুৰবাৰে নিশা গেলেকী সোণাপুৰৰ পদ্মাণী নায়ক নায়ৰ এগৰাকী মহিলাক জৰুৰীকালীনভাৱে ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৷ আঠ মাহৰ গৰ্ভৱতী পদ্মাণীক প্ৰথমে গেলেকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত স্বাস্থ্যজনিত কাৰণত নাজিৰা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ প্ৰসূতিগৰাকীৰ লিগিৰীবাৰী চিকিৎসালয়ত কোভিড 19ৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ফলাফল নিগেটিভ অহাত চিকিৎসকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
মহিলাগৰাকীক স্বামী শম্ভূ নায়কে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও পুনৰ কোভিড 19ৰ পৰীক্ষা নকৰিলে চিকিৎসা প্ৰদান নকৰাৰ হুংকাৰ প্ৰদান কৰে কৰ্মৰত নাৰ্চে ৷ ব্যক্তিগৰাকীয়ে পূৰ্বে কৰা কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি বাৰম্বাৰ চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো মহিলাগৰাকীক চিকিৎসা প্ৰদানৰ পৰা বঞ্চিত কৰে কৰ্তৃপক্ষই ৷ উপায়বিহিন ব্যক্তিগৰাকীয়ে পত্নীক মীৰা বাৰাইক নামৰ এগৰাকী মহিলাৰ সহযোগত এখন ষ্ট্ৰেচাৰত উঠাই চিকিৎসালয় চৌহদত থকা কোভিড কেয়াৰ কেন্দ্ৰলৈ নিয়ে ৷ উক্ত কেন্দ্ৰটোত কোনো এগৰাকী কৰ্মচাৰী উপস্থিত নথকাত মহিলাগৰাকীয়ে কিছু সময় পিছত ষ্ট্ৰেচাৰতে জন্ম দিয়ে সন্তান ৷ তেনে অৱস্থাৰ পিছতো মহিলাগৰাকীক কোভিড পৰীক্ষা সম্পন্ন কৰাৰ পিছতহে ফলাফল নিগেটিভ অহাত সদ্যজাত সন্তানটোৰ সৈতে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ এনে কৰ্মকাণ্ডত হতবাক হৈ পৰিছে জিলাখনৰ সচেতন মহল ৷ মানৱ সেৱাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত একাংশ নাৰ্চৰ কৰ্মৰাজীৰ ফলত জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ ৰোগীসকলে ৷ যি ঘটনাৰ প্ৰতিফলন স্পষ্টৰূপত পৰিলক্ষিত হ’ল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৷
লগতে চাওকঃ নিযুক্তি কেলেংকাৰী : গুৱাহাটীত গ্ৰেপ্তাৰ বিজেপি নেতা ৰাজীৱ পৰাশৰ