শিৱসাগৰ, 8 আগষ্ট : শিৱসাগৰ প্ৰথমগৰাকী ক’ভিড ৰোগীৰ সন্তান প্ৰসৱ কৰিলে চিকিৎসকে ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কাজল পাংগিং নামৰ ক'ভিড আক্ৰান্ত মহিলাগৰাকীয়ে নিশা 2.30 বজাত জন্ম দিয়ে সন্তানটো ৷ চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোনমনি তামুলীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে জন্ম দিয়ে শিশুটোক ৷
শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙৰ কাজল পাংগিং নামৰ মহিলা গৰাকীয়ে শুকুৰবাৰে দিনত প্ৰসৱৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি হৈছিল । নিয়ম অনুসৰি চিকিৎসকৰ দলে মহিলাগৰাকীৰ ৰেপিড এন্ট্ৰিজেণ্ট পৰীক্ষা কৰাত মহিলাগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই সকলো ধৰণৰ সাৱধানতা আৱলম্বন কৰি নিশা 2.30 বজাত অস্ত্ৰোপচাৰ সম্পন্ন কৰি প্ৰসৱ কৰায় শিশুটোৰ । অৱশ্যে প্ৰসৱ হোৱা শিশুটোৰ ক'ভিড টেষ্ট শনিবাৰেহে সম্পন্ন কৰা হ’ব ৷
লগতে পঢ়ক : ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড