ETV Bharat / state

আমগুৰিত বিজেপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব: অপৰাজিতা ভূঞা - নেত্ৰী অপৰাজিতা ভূঞা

আমগুৰিত বিজেপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব । আমগুৰি অগপই কোনো মিত্ৰতাৰ ধৰ্ম পালন নকৰিলে । ফলত সমষ্টিৰ যিদৰে উন্নয়ন হব লাগিছিল, কোনো উন্নয়ন নহ’ল। এই মন্তব্য বিজেপিৰ নেত্ৰী অপৰাজিতা ভূঞাৰ ৷

প্ৰদীপ হাজৰিকাক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব ;  নেত্ৰী অপৰাজিতা ভূঞা

author img

By

Published : Feb 25, 2021, 2:26 PM IST

আমগুৰি,25 ফেব্ৰুৱাৰী: আমগুৰিত বিজেপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব। আমগুৰি অগপই কোনো মিত্ৰতাৰ ধৰ্ম পালন নকৰিলে। ফলত সমষ্টিৰ যিদৰে উন্নয়ন হব লাগিছিল , কোনো উন্নয়ন নহল। বিধায়ক প্ৰদীপ হাজৰিকাৰ বাবেই আমগুৰি সমষ্টিত উন্নয়নৰ বৰষুন নহ’ল। এইবাৰ আমগুৰিত প্ৰদীপ হাজৰিকা হাৰিব, ইতিহাসে তাকেই কয়। বৃহস্পতিবাৰে আমগুৰিত এক সংবাদমেল সম্বোধন কৰি অগপৰ বিধায়কৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে বিজেপিৰ নেত্ৰী অপৰাজিতা ভূঞা।

প্ৰদীপ হাজৰিকাক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব ; নেত্ৰী অপৰাজিতা ভূঞা

আমগুৰি বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰদীপ বৰাই আঁতধৰা সংবাদমেলত বিজেপিয়ে আমগুৰি সমষ্টিত যোগ্য প্ৰাৰ্থীকহে প্ৰাৰ্থীত্ব দিব বুলি প্ৰকাশ কৰে। আমগুৰিত বিজেপি মিত্ৰতা নহলেও অকলেই নিৰ্বাচনত অৱতীৰ্ণ হলেও জয়ী হব বুলি দাবী কৰি প্ৰদীপ হাজৰিকাক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি প্ৰকাশ কৰে। এই সংবাদমেলত উপস্থিত থাকে বিজেপিৰ কৃষাণ মৰ্চাৰ ৰাজেন গগৈ, জ্যেষ্ঠ বিজেপি কৰ্মকৰ্তা জগত কোঁৱৰ ।

লগতে পঢ়ক:ৰাইজৰ ৰোষত বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.