শিৱসাগৰ, ১২ মাৰ্চ: নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ । মঙলবাৰে শিৱসাগৰ নগৰৰ যুৱদলত বিজেপি যুৱ মৰ্চাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ।ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলক নিৰ্বাচনৰ সময়ত সক্ৰিয় কৰাৰ উদ্দেশ্যেআৰম্ভ হৈছে নিৰ্বাচনী সভা ।
১২ নং যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ বিজেপি সদস্য সকলক একত্ৰিত কৰি এই সভাখনত যুৱ মৰ্চাৰ কৰণীয় সম্পৰ্কে আলোচনা কৰা হয় । বিজয় লক্ষ্য ২০১৯ আগত ৰাখি ভাৰতীয় জনতা দলৰ যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মনে এই সাংগঠনিক সভাত অংশ গ্ৰহণ কৰি যুৱ শক্তিয়ে নিৰ্বাচনত পালন কৰিবলগীয়া ভূমিকা সম্পৰ্কে আলোকপাত কৰে ।