ETV Bharat / state

Bhogali Mela at Sivsagar : ভোগৰ সামগ্ৰীৰে উপচি পৰিছে শিৱসাগৰ

author img

By

Published : Jan 11, 2022, 12:21 PM IST

ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী (Preparations for Bhogali Bihu in Assam) । ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভোগালী মেলা । শিৱসাগৰ জিলাতো ১২ জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে অসমী ভোগালী মেলা (Bhogali Mela at Sivsagar) ৷

bhogali-mela-organised-by-rural-livelihood-mission-in-sivasagar
গ্ৰামীণ জীৱিকা মিছনৰ অধীনত শিৱসাগৰত ভোগালী মেলা

শিৱসাগৰ, 11 জানুৱাৰী : ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিনহে বাকী ৷ ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Preparations for Bhogali Bihu in Assam) ৷ ভোগৰ সামগ্ৰীৰে নদন-বদন হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ ঠায়ে ঠায়ে বিহুৰ প্ৰাকক্ষণত আয়োজন কৰা হৈছে ভোগালী মেলাৰ ৷

ব্যতিক্ৰম নহয় শিৱসাগৰবাসী ৷ শিৱসাগৰতো এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে ৷ ভোগৰ সামগ্ৰীৰে উপচি পৰিছে শিৱসাগৰত অনুষ্ঠিত অসমী ভোগালী মেলাৰ বাকৰি ৷ ১২ জানুৱাৰী পৰ্যন্ত চলিব এই ভোগালী মেলা (Bhogali Mela at Sivsagar) ৷

শিৱসাগৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত নগৰখনৰ দৌলমুখৰ সমীপৰ পুৰণি জিলা পৰিষদ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হৈছে এই ভোগালী মেলা (Bhogali mela organised by assam state rural livelihood mission) ৰ ৷

লগতে পঢ়ক : ভোগালীৰ আয়োজনৰ মাজতে উপাৰ্জনৰ বাট বিচাৰি পালে গাঁওবাসীয়ে

গ্ৰামীণ জীৱিকা মিছনৰ অধীনত শিৱসাগৰ নগৰত আয়োজিত এই মেলাত কেইবাটাও আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ গোটসমূহে বিহু উপলক্ষে প্ৰস্তুত কৰা বিহুৰ জলপান, চিৰা, পিঠা, চুঙা দৈ, হুৰুম, সান্দহ, অসমীয়া বস্ত্ৰ সম্ভাৰ আদিৰ লগতে আন ভালেমান সা-সামগ্ৰী এই মেলাত বিক্ৰীৰ ব্যৱস্থা কৰিছে ।

প্ৰধানকৈ গ্ৰামাঞ্চলৰ মহিলাসকল জড়িত থকা আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা চিৰা, পিঠা তথা অন্যান্য সা-সামগ্ৰীসমূহে গ্ৰাহকৰ পৰা ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, এই মেলাত জিলাখনৰ আমগুৰি, ডিমৌ, নাজিৰা, গৌৰীসাগৰ আৰু শিৱসাগৰকে ধৰি জিলাখনৰ মুঠ পাঁচটা উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ মানসেৰে চৰকাৰে আৰম্ভ কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে বিভিন্ন উৎপাদনমূলক কামত মহিলাসকলক নিয়োজিত কৰি আহিছে ৷ ইয়াৰে কিছুসংখ্যকে অসমীয়া জলপান, থলুৱা বস্ত্ৰ সম্ভাৰ প্ৰস্তুত কৰাত নিজকে নিয়োজিত কৰিছে । অসমী ভোগালী মেলাৰ জৰিয়তে গোটসমূহে উৎপাদন কৰা কেতবোৰ বাচকবনীয়া সামগ্ৰী আৰু সেৱাক এখন বজাৰ দিয়াৰ চেষ্টা কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে ৷

লগতে পঢ়ক : সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.