শিৱসাগৰ, ৯ জানুৱাৰী: অসম গণ পৰিষদ দল ত্যাগ কৰিলে দলটোৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা(প্ৰশাসন) ভাৰতী শইকীয়াই । দলৰ সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নেত্ৰীগৰাকীয়ে । পদত্যাগ পত্ৰত দলটোৰ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধৰীক লক্ষ্য কৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে দলটোৰ প্ৰতিষ্ঠাকালৰ সদস্যাগৰাকীয়ে ।
মন্ত্ৰীত্বৰ লাভৰ আশাত অগপক অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধৰীয়ে বিজেপিৰ ওচৰত বন্ধকত থোৱা বুলি অভিযোগ তুলিলে ভাৰতী শইকীয়াই । দলীয় নেতৃত্বৰ লোভ আৰু স্বাৰ্থপৰতাই অগপক বৰ্তমান বিজেপিৰ ভাতৃ সংগঠনলৈ পৰিণত কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । অতুল বৰাক কটাক্ষ কৰি নেত্ৰীগৰাকীয়ে কয় যে, সভাই-সমিতিয়ে ভাষণৰ ফুলজাৰি মাৰিলেই জাতীয়তাবাদ ৰক্ষা নপৰে ।
মন্ত্ৰীত্বৰ মোহত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধৰীৰ জাতীয়তাবাদী চৰিত্ৰৰ স্খলন ঘটিছে বুলিও তীব্ৰ সমালোচনা কৰে । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাকো আক্ৰমণৰ লক্ষ্য কৰি লয় দলত্যাগী ভাৰতী শইকীয়াই । বিজেপিৰে মিত্ৰজোঁটত থাকিলেও সাংগঠনিক ভেঁটি দুৰ্বল হৈ পৰা অগপৰ বাবে ভাৰতী শইকীয়াৰ দল ত্যাগ এক বৃহৎ ক্ষতি ।
লগতে পঢ়ক:'২১ৰ নিৰ্বাচনত ভোট দিব পাৰিব প্ৰবাসী অসমীয়াই