ETV Bharat / state

জাতিৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে এআইইউডিএফঃবদৰুদ্দিন আজমল - Dwini Madrasa Jalsa

ৰাজ্যসভা সম্পৰ্কত বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে, জাতিৰ স্বাৰ্থত অৰাজনৈতিক ব্যক্তিক মনোনীত কৰা সম্পৰ্কত কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে এআইইউডিএফ ৷ এইপৰ্যন্ত বহু কেইগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে যদিও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷

Badaruddin  Ajamal reaction on Rajya Sabha candidate
জাতিৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে এআইইউডিএফঃবদৰুদ্দিন আজমল
author img

By

Published : Mar 9, 2020, 5:24 PM IST

শিৱসাগৰ,9 মাৰ্চঃ দ্বিনী মাদ্ৰাছাৰ জলচাত অংশগ্ৰহণ কৰাৰ বাবে শিৱসাগৰত উপস্থিত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল ৷ শিৱসাগৰত উপস্থিত হৈ ৰাজ্যসভা সম্পৰ্কত বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে, জাতিৰ স্বাৰ্থত অৰাজনৈতিক ব্যক্তিক মনোনীত কৰা সম্পৰ্কত কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে এআইইউডিএফ ৷ এইপৰ্যন্ত বহু কেইগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে যদিও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ দুই তিনিদিনৰ ভিতৰতে সংবাদমাধ্যমত যৌথ ভাবে ঘোষণা কৰা হ’ব মনোনীত প্ৰৰ্থীৰ নাম ৷ ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাক ‘ইন্টাৰনেচনেল প্লেয়াৰ’ আখ্যা দিয়ে এআইইউডিএফৰ মুৰব্বী গৰাকীয়ে ৷ বিজেপি সভাপতি ৰঞ্জিত দাসকো কটাক্ষ কৰে বদৰুদ্দিন আজমলে ৷

জাতিৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে এআইইউডিএফঃবদৰুদ্দিন আজমল

উল্লেখ্য যে, নিজৰ সমষ্টি পুনৰ নিৰ্ধাৰন সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে ৷ এইয়া এক পূৰ্ব পৰিকল্পিত কাৰ্য ৷ এই কাৰ্যত সন্তুষ্ট নহয় আজমল ৷ এইক্ষেত্ৰত তেখেতে আইনজ্ঞৰ কাষ চপা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে, অখিল গগৈৰ লগতে অন্যান্য লোকসকলক কাৰাবন্দী কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অখিল গগৈৰ স্বাস্থ্য বেয়া হোৱাৰ পাছতো চৰকাৰৰ তেওঁৰ প্ৰতি এনে আচৰণ নিন্দাৰ যোগ্য ৷ চৰকাৰৰ বিৰোধিতা কৰাৰ বাবেই এনে আচৰণ কৰাটো অতি দুৰ্ভাগ্যজনক ৷

লগতে পঢ়ক-২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে হ'বনে সমষ্টি পুণৰগঠনঃ কেন্দ্ৰই গঠন কৰি দিলে পুণৰগঠন আয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.