ETV Bharat / state

Gunutsav in Sivasagar: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি মূল্যায়নৰ দিন

সোমবাৰৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ(Second phase of Gunatosav begins on Monday) । সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয় । মঙলবাৰে গুণোৎসৱৰ মূল্যায়নৰ দিন উপলক্ষে শিৱসাগৰৰ বিভিন্ন বিদ্যালয়ত উপস্থিত থাকে অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া ।

author img

By

Published : May 24, 2022, 3:51 PM IST

today assessment of second phase of gunutsav
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি মূল্যায়নৰ দিন

শিৱসাগৰ,২৪ মে': সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো সোমবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে(Second phase of Gunatosav begins on Monday) । আজি এই গুণোৎসৱৰ মূল্যায়ণৰ দিন । যাৰ বাবে জিলাখনৰ ১৩২৭ খন বিদ্যালয়ত উপস্থিত হৈছে বৰ্হিঃমূল্যায়ক ।

বিদ্যালয় সমূহৰ মূল্যায়নৰ বাবে শিৱসাগৰ জিলাৰ বাহিৰৰ পৰাও বহু মূল্যায়ক আনিব লগা হৈছে । মঙলবাৰে জিলাখনৰ বিভিন্ন বিদ্যালয়ত মূল্যায়কৰূপে উপস্থিত থাকে ৰাজ্যৰ মুখ্য বন পালক চি.মুথুকুমাৰভেল, সাধাৰণ প্ৰশাসন বিভাগৰ সচিব যাদৱ শইকীয়া, ৰাজ্য চৰকাৰৰ অৰ্থ সচিৱ ইচফাকুৰ ৰহমান আদিকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়া ।

শিৱসাগৰ নগৰৰ সমীপৰ ৰংপুৰ মধ্য ইংৰাজী বিদ্যালয়ত মূল্যায়কৰূপে উপস্থিত থাকি অৰ্থ সচিৱ ৰহমানে গুণোৎসৱ এক মানদণ্ডৰ উৎসৱ বুলি উল্লেখ কৰে । এনে উৎসৱৰ মাজত বিদ্যালয় সমূহৰ সৰ্বাঙ্গীন উন্নয়নৰ লগতে ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক প্ৰগতিৰ উমান লব পাৰি বুলি তেওঁ উল্লেখ কৰে । গুণোৎসৱৰ দ্বাৰা কেৱল ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক মনেই নহয়, একেলগে বিদ্যালয়ৰ পৰিৱেশ আৰু শিক্ষকৰ গুণগত মানো বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: ডিমা হাছাওৰ বানে ধোৱা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.