ETV Bharat / state

শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জিলা কংগ্ৰেছৰ

author img

By

Published : Nov 24, 2020, 3:37 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শিৱসাগৰত জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰবীন ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে দলটোৰ নেতা-কৰ্মীসকলে ।

শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন

শিৱসাগৰ, ২৪ নৱেম্বৰ: ১৫ বছৰ ধৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সুদক্ষ ৰাজনৈতিক নেতা তৰুণ গগৈৰ পৰলোক প্ৰাপ্তিয়ে শোকবিহ্বল কৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীক । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো জিলা কংগ্ৰেছৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা নিবেদন কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ । মঙলবাৰে শিৱসাগৰৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

শিৱসাগৰ জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি নেতাগৰাকীক প্ৰণাম জনায় । তৰুণ গগৈৰ মৃত্যু যে কেৱল কংগ্ৰেছ দলৰ বাবে নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবে এক ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ উপ সভাপতি প্ৰমীৰ গগৈয়ে ।

লগতে পঢ়ক:প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.