ETV Bharat / state

উপ-নিৰ্বাচন: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

সুশান্ত বৰগোহাঁইক বলিয়া হোৱা মখনা হাতী আখ্যা ভূপেন বৰাৰ ৷ APCC ৰ ভূপেন বৰাই কয়, আগন্তুক উপ-নিৰ্বাচনত থাওৰাবাসীয়ে সুশান্তক ট্ৰেংকুলাইজ কৰিব । সকলোৱে ঐক্যবদ্ধ হৈ থাওৰাত সুশান্ত বৰগোহাঁইক পৰাজিত কৰিব লাগিব ।

apcc president bhupen bora comments on sushanta borgohain
সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰৰ
author img

By

Published : Aug 24, 2021, 11:06 PM IST

শিৱসাগৰ, 24 আগষ্ট : থাওৰাত বিধানসভা সমষ্টিত আৰম্ভ হ'ল উপ-নিৰ্বাচনকলৈ ৰাজনৈতিক দলৰ কুচকাৱাজ । থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগ দিয়াৰ পাচতে থাওৰালৈ আগমন ঘটিছে বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ৰথী-মহাৰথী ।

সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিৰ পাচতে মঙলবাৰে থাওৰাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ৷ থাওৰা কংগ্ৰেছ কমিটিৰ উদ্যোগত ডিমৌ ৰাজহুৱা ভৱনত আয়োজন কৰা এক বুথ সন্মিলনত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নেতা কেইগৰাকীয়ে ৷

সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰৰ

উক্ত সভাত APCC ৰ সভাপতি ভূপেন বৰাই সুধাকন্ঠ ভূপেন হাজৰিকাৰ "আহ আহ ওলাই আহ সজাগ জনতা" গীতটিৰে ভাষণ আৰম্ভ কৰে ৷ সভাত তেওঁ কয়, এতিয়া অসমত সেনাপতিবিহীন চৰকাৰ চলি আছে । কিন্তু আজিৰ সন্মিলনত থাওৰাৰ হাজাৰজন লাচিত, হাজাৰগৰাকী কনকলতাক দেখা পাইছো । সকলোৱে ঐক্যবদ্ধ হৈ সুশান্ত বৰগোহাঁইক থাওৰাত পৰাজিত কৰিব লাগিব ।

লগতে পঢ়ক: জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

ভূপেন বৰাই সুশান্ত বৰগোহাঁইক বলিয়া হোৱা মখনা হাতী আখ্যা দি কয়, আগন্তুক উপ-নিৰ্বাচনত থাওৰাবাসীয়ে সুশান্তক ট্ৰেংকুলাইজ কৰিব । উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে শিৱসাগৰ পৰিদৰ্শন ভৱনত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে এক আলোচনাত মিলিত কথা প্ৰকাশ কৰে ৷

আগন্তুক উপ-নিৰ্বাচনতক লৈ ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীয়ে কয়, উপ নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই । ইফালে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, উপ-নিৰ্বাচনত কংগ্ৰেছক বাদ দি কোনোৱে জয়ী হ'ব নোৱাৰে । বিজেপি বিৰোধী দলসমূহৰ লগত কংগ্ৰেছে মিত্ৰতা কৰাৰ পক্ষপাতি বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে ।

উল্লেখ্য যে, থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰে চাৰি গৰাকী প্ৰাৰ্থীয়ে টিকটৰ বাবে ইচ্ছা প্ৰকাশ কৰাৰ কথা জানিবলৈ দিছে APCC ৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক: টীয়ক সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰে ভূপেন বৰাৰ সাংগঠনিক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.