ETV Bharat / state

শিৱসাগৰৰ গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান - ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১লাখ ৪৫ হাজাৰ টকা প্ৰদান

শিৱসাগৰৰ গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠানত ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১ লাখ ৪৫ হাজাৰ টকা প্ৰদান কৰে । ন্যাসৰ অধ্যক্ষা অংকিতা দত্তই মেধাৱী ছাত্র ছাত্ৰী সকলক বঁটা প্ৰদান কৰে ।

গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Dec 28, 2020, 11:07 AM IST

শিৱসাগৰ, ২৮ ডিচেম্বৰ: শিৱসাগৰৰ গৌৰীসাগৰত থানেশ্বৰ দত্ত সোঁৱৰণী ভৱনত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠিত কৰা হয় । ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১লাখ ৪৫ হাজাৰ টকা প্ৰদান কৰা হয় । প্ৰয়াত অঞ্জন দত্তৰ জেষ্ঠ্য কন্যা আমগুৰি সমষ্টিৰ সৱল কংগ্ৰেছ নেত্ৰী তথা অঞ্জন দত্ত শৈক্ষিক ন্যাসৰ অধ্যক্ষ্যা অংকিতা দত্তই মেধাবী ছাত্র ছাত্ৰী সকলক এই বঁটা প্ৰদান কৰে । বঁটা প্ৰদান অনুষ্ঠানত অংকিতা দত্তই কয় যে অঞ্জন দত্ত শৈক্ষিক ন্যাসৰ জড়িয়তে অনাগত ভৱিষ্যৎ দিনত মেধাৱী ছাত্র-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত কিদৰে আগুৱাই লৈ যাব পাৰি সেই দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হ'ব ।

গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান
গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান

জিলাখনৰ ঐতিহাসিক বিধানসভা সমষ্টিৰ ১০৩ নং আমগুৰি সমষ্টিৰ এসময়ৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী,বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ সোঁৱৰণত বিগত বছৰৰ পৰা এই শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰি আহিছে । ফলত মেধাৱী ছাত্র-ছাত্ৰীসকলৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ঠ সহায়ক হিচাপে পৰিগণিত হৈ আহিছে ।
উক্ত সভাখনত প্ৰয়াত অঞ্জন দত্তৰ তিনিগৰাকী কন্যা,স্থানীয় নাগৰিক আৰু আমগুৰি সমষ্টিৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত এই বঁটা প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে,এই সভাতে প্ৰয়াত অঞ্জন দত্তৰ দ্বিতীয় কন্যা অমৃতা দত্তই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত সম্বৰ্ধনা জনায় অঞ্জন দত্ত শৈক্ষিক ন্যাসে ।

লগতে পঢ়ক: বিৰোধী দলপতিৰ স্বীকৃতি হেৰুৱালে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.