ETV Bharat / state

সীমান্তৰ সংঘাতৰ বিৰোধিতা : শিৱসাগৰত AJYCP ৰ প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

শিৱসাগৰৰ নগৰৰ ষ্টেচন চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ পুত্তলিকা দাহ (Effigy Burn) কৰি তেওঁৰ উত্তৰ-পূৱ ভ্ৰমণৰ পাচতেই সীমান্তত বৰ্বৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তোলে সংগঠনটোৱে ৷

ajycp protest
শিৱসাগৰত AJYCPৰ প্ৰতিবাদ
author img

By

Published : Jul 28, 2021, 9:52 PM IST

শিৱসাগৰ, 28 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে শিৱসাগৰতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ পুত্তলিকা দাহ (Effigy Burn) কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষী (Assam Police) জোৱান কেইগৰাকীলৈ অসম গভীৰ শোক প্ৰকাশ কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কার্যসূচী ৰূপায়ণ কৰে যুৱ ছাত্ৰ পৰিষদে । দিনৰ 1.30 বজাত নগৰৰ ষ্টেচন চাৰিআলিত প্ৰতিবাদ (Protest) সাব্যস্ত কৰি সংগঠনটোৰ সদস্যসকলে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উত্তৰ-পূৱ ভ্ৰমণৰ পাচতেই এনে বৰ্বৰ ঘটনা সংঘটিত হোৱাতো অতি পৰিতাপৰ বিষয় ।

শিৱসাগৰত AJYCPৰ প্ৰতিবাদ

আনহাতে, ‘যদি কেন্দ্ৰই কয় তেন্তে গুৱাহাটী আৰু নলবাৰীৰ ভূমি মিজোৰামক দিবলৈ সাজু’ বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷ সংগঠনটোৱে অসমৰ জাতি-মাটি-ভেটিৰ নিৰাপত্তা দিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধিক্কাৰ দি অনতি পলমে অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনায় ৷ ইয়াৰোপৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে ।

লগতে অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদ (Border Dispute)ৰ সমস্যাৰো স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক : প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ AJYCPৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.