আমগুৰি, 14 ছেপ্তেম্বৰ: চৰকাৰলৈ কাতৰ আহ্বান জনাই হুক-হুকাই কান্দোন এগৰাকী মহিলাৰ ৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নামতিৰ বাউলী পুখুৰী শেনচোৱা গাঁৱৰ প্ৰতিমা গগৈ নামৰ এগৰাকী মহিলা ৷
বিগত ১৯ বছৰে মাতৃগৃহত এটা উৰুখা পঁজাতে দুৰ্বিসহ জীৱন অতিবাহিত কৰি আছে প্ৰতিমা গগৈয়ে ৷ বিশেষভাৱে সক্ষম পুত্ৰ সন্তান জন্ম দিয়াৰ বাবেই স্বামীৰ নিৰ্যাতনৰ বলি হৈছিল এই দুৰ্ভগীয়া মহিলা গৰাকী ৷
জানিব পৰা মতে, প্ৰতিমা গগৈয়ে 20 বছৰ পূৰ্বে বৰছিলা খনিকৰ গাঁৱৰ বিপিন খনিকৰ নামৰ লোকজনৰ সৈতে সামাজিক নীতি-নিয়মেৰে বিবাহ পাশত আবদ্ধ হৈছিল ৷
প্ৰতিমা গগৈয়ে শাৰীৰিক ভাৱে সক্ষম পুত্ৰ সন্তান জন্ম দিয়াৰ পাচৰ পৰাই তেওঁৰ জীৱনলৈ নামি আহিল এজাক কাল-ধুমুহা ৷ প্ৰতিমাৰ ওপৰত আৰম্ভ হ’ল স্বামীৰ অকথ্য নিৰ্যাতন ৷ অৱশেষত সন্তান জন্ম হোৱাৰ 17 দিন পাচতেই স্বামী গৃহ এৰি পুত্ৰক লগত লৈ নিজ মাতৃ গৃহলৈ গুচি যায় প্ৰতিমা ৷
তেতিয়াৰ পৰাই মহিলা গৰাকীয়ে পুত্ৰ আৰু ৰুগীয়া মাতৃক ডলা-চালনী, খৰাহী, কুকুৰাৰ কণী, বাৰীৰ কচু-ঢেঁকীয়া ইত্যাদি বিক্ৰী কৰি কথমপি পৰিয়ালটো পোহ-পাল দি আছে ৷
ইফালে উৰুখা পঁজাৰ বেৰবিলাকো ক্ৰমাৎ জহি-খহি গৈছে ৷ গতিকে জীয়াই থকাক লৈ শংকিত হৈ পৰিছে প্ৰতিমা ৷ নাই তেওঁৰ এটি চৰকাৰী আৱাস, নাই দিশহাৰা পুত্ৰৰ নামত কোনো অনুদান কিম্বা আঁচনি ৷
দুৰ্ভাগ্যজনক কথা এয়ে যে, পৰিয়ালটোৰ খবৰ ল’বলৈ পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ 19 বছৰে আহৰি হোৱা নাই ।
উপায়হীন হৈ প্ৰতিমাই সংবাদ মাধ্যমৰ যোগেদি নিঠৰুৱা পৰিয়ালটোক সহায় কৰিবৰ বাবে অসম চৰকাৰৰ লগতে সদাশয় ব্যক্তিলৈ কাতৰ আহ্বান জনাইছে ৷
যদি কোনো ব্যক্তিয়ে দুৰ্ভগীয়া মহিলা গৰাকীক সহায় কৰিব বিচাৰে তেন্তে 6000979647 নম্বৰত যোগাযোগ কৰিব পাৰে ৷ ইয়াৰোপৰি, একাউণ্ট নম্বৰ- 7177026008019, IFSC - UTBIORRBAGB Assam Gramin Vikash Bank, Haluwating একাউণ্ট হোল্ডাৰ- Rajib Khanikar Gogoiত আৰ্থিক সহায় আগবঢ়াব পাৰে ৷
লগতে পঢ়ক: কাটাখাল নৈৰ খহনীয়াত ভীতিগ্ৰস্ত নৈ পৰীয়া ৰাইজ