ETV Bharat / state

জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘা আমগুৰিত

ৰাজ্যজুৰি, বৰ্ধিত কৰ’ণা সংক্ৰমণৰ বিপৰীতে আমগুৰিত উলংঘা জিলা প্ৰশাসনৰ নিৰ্দেশ । শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি লেচিৰ উদ্যোগত আমগুৰিৰ বিভিন্ন স্থানত চলি আছে সাপ্তাহিক বজাৰ ৷

Amguri_SOP Defied_Weekly market_Halwating_Jhanji
জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘা আমগুৰিত
author img

By

Published : May 9, 2021, 4:22 PM IST

আমগুৰি,৯ মে : শনিবাৰৰ দিনটোতে শিৱসাগৰ জিলাত ১০৩ গৰাকীকৈ লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ সমান্তৰালভাৱে সপ্তাহটোত জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা হৈছে ১২১৭ গৰাকী । এই পৰিপ্ৰেক্ষিততে শনিবাৰৰ দিনটোত শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো, আমগুৰিৰ বিভিন্ন স্থানত বাহাল থাকিল সাপ্তাহিক বজাৰ ।

জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘা আমগুৰিত

লক্ষণীয়ভাৱে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ জাঁজী, ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ হালোৱাটিং আৰু আমগুৰি সাপ্তাহিক বজাৰ দেওবাৰৰ পুৱাতেই আৰম্ভ হয় যদিও আৰক্ষীৰ হস্তক্ষেপত জাঁজী আৰু আমগুৰি সাপ্তাহিক বন্ধ কৰা হয় কিন্তু, হালোৱাটিং সাপ্তাহিক বজাৰ দিনৰ ২ বজালৈকে বাহাল ৰখাৰ কথা প্ৰকাশ কৰে খোদ লেচিয়ে ।
জিলা প্ৰশাসনৰ কোনো নিৰ্দেশ নোপোৱাৰ অজুহাততে বজাৰৰ বিক্ৰেতাৰ পৰা বিক্ৰী কৰ সংগ্ৰহ কৰি লেচি গৰাকীয়ে উদ্ভত মন্তব্য কৰি কয় যে, নগৰৰ দোকান-পোহাৰৰ দৰেই দিনৰ ২ বজালৈকে চলিব থাকিব বজাৰ ।

লগতে পঢ়ক: নতুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.