আমগুৰি, ২৫ মেঃ আজি ত্যাগ, ধৈৰ্য্য আৰু সমন্বয়ৰ প্ৰতীক পৱিত্ৰ ঈদ ৷ এইবাৰ খালি হৈ আছে ঈদগাহ মৈদান আৰু মছজিদসমূহ ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ বিৰত আছে সামূহিক নামাজৰ পৰা ৷ কালসংহাৰী কৰ‘ণাৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ স্বাৰ্থত ৷ আনহাতে সামূহিক নামাজৰ পৰিৱৰ্তে ঘৰতে থাকি নামাজ পঢ়ি ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷
ইপিনে ঈদৰ পবিত্ৰ দিনটোতে আমগুৰিৰ চামগুৰিবাসী ইছলাম ধৰ্মীৰ লোকসকলে এই কৰ‘ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকা আৰক্ষী, প্ৰশাসন আৰু সংবাদকৰ্মী সকলক গামোছা, সম্বৰ্ধনা পত্ৰ আৰু মিঠাই টোপোলাৰে সম্বৰ্ধনা জনায় ।
লগতে পঢ়কঃ গোলাঘাটত 20 বছৰে দুৰ্বিসহ জীৱন-যাপন এটি দৰিদ্ৰ পৰিয়ালৰ