ETV Bharat / state

ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ আশাৰ বতৰা আনিছে আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়ে - কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয়

পৰিস্কাৰ-পৰিচ্ছন্ন বিদ্যালয়খনৰ শিক্ষাদানৰ ধৰণো সুকীয়া ৷ অতি মৰমেৰে খেল-ধেমালি, নৃত্য-গীতৰ মাধ্যমেৰে পাঠদান কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত আগবঢ়াও ৷

আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়
আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়
author img

By

Published : Jan 3, 2020, 3:08 PM IST

আমগুৰি, 3 জানুৱাৰী: আমগুৰিৰ 794 নং কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখিবলৈ পোৱা গৈছে অভিভাৱক-শিক্ষাৰ্থীৰ ভিৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি শিক্ষক-ছাত্ৰ আৰু অভিভাৱকৰ মাজৰ এক মধুৰ সম্পৰ্ক বজাই ৰাখে কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে ৷ ইয়াৰোপৰি পৰিস্কাৰ-পৰিচ্ছন্ন বিদ্যালয়খনৰ শিক্ষাদানৰ ধৰণো সুকীয়া ৷ অতি মৰমেৰে খেল-ধেমালি, নৃত্য-গীতৰ মাধ্যমেৰে পাঠদান কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত আগবঢ়াও ৷ প্ৰাচীৰ পত্ৰিকাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ কলাসুলভ মনক আত্মপ্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে শিৱসাগৰ জিলাৰে আন এখন বিদ্যালয়তো দেখিবলৈ পোৱা গৈছিল নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ ব্যাপক ভিৰ ৷

ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ নতুন আশাৰ বতৰা

ৰাজ্যজুৰি শিক্ষা ব্যৱস্থাত বিৰাজ কৰা কেতবোৰ বিৰূপ প্ৰভাৱৰ বিপৰীতে, আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই শিক্ষা ক্ষেত্ৰ খনত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক: প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যই উদ্ভাসিত কৰিছে নুমলীগড়ৰ কালীয়নী নৈৰ পাৰ

Intro:Body:আমগুৰিত চৰকাৰী বিদ্যালয়ৰ শিক্ষানুষ্ঠানত নামভৰ্ত্তীৰ জোৱাৰ
……………………………………………………………
আমগুৰি, ৩ জানুৱাৰী:
আমগুৰিত চৰকাৰী বিদ্যালয়ৰ শিক্ষানুষ্ঠানত নামভৰ্ত্তীৰ বাবে অভিভাৱক-শিক্ষাৰ্থীৰ ভীৰ। ৭৯৪ নং কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে নামভৰ্ত্তীৰ বাবে অভিভাৱক-শিক্ষাৰ্থীৰ ভীৰ।

শিক্ষক-ছাত্ৰ আৰু অভিভাৱকৰ এক মধুৰ সম্পৰ্কৰ বাৰ্তা বজাই ৰাখে কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে।

পৰিস্কাৰ-পৰিচ্চন্ন বিদ্যালয়খনৰ শিক্ষাদানৰ মাধ্যমো সুকীয়া। অতি মৰমেৰে খেল-ধেমালি, নৃত্য-গীত মাধ্যমেৰে পাঠদান কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত আগবঢ়া।

প্ৰাচীৰ পত্ৰিকাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকল কলাসুলভ মনক আত্মপ্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে। বিদ্যালয়খন সুন্দৰ কৰি তুলিবলৈ পাৰিজাত কানন নামৰ এখনি বাগিচাও আছে।

যি সময়ত ৰাজ্যত কাঠফুলাৰ দৰে বহু বেচৰকাৰী বিদ্যালয় গঢ় দি শিক্ষা ব্যৱস্থাক কুক্ষিগত কৰিবলৈ বিচাৰিছে তেনে সময়তে আমগুৰিৰ কিষ্টুৰ চান্দ আগৰৱালা আমগুৰি নগৰ প্ৰাথমিক বিদ্যালয় ব্যতিক্ৰম হিচাপে থিয় দিছে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.