ETV Bharat / state

শিৱসাগৰত ৰক্তদান আৰু সজাগতা শিবিৰ - মহাবিদ্যালয়

ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, এই শ্ল'গানেৰে উদ্বুদ্ধ হৈ মঙলবাৰে আটাছু কলেজ গোটৰ উদ্যোগত সহায় ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান ৰ সহযোগত এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়  শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৷

ৰক্তদান আৰু সজাগতা শিবিৰ
author img

By

Published : Aug 6, 2019, 5:32 PM IST

আমগুৰি, 6 আগষ্ট : নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৰক্তদান আৰু সজাগতা শিবিৰ ৷ ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, এই শ্ল'গানেৰে উদ্বুদ্ধ হৈ আজি আটাছু কলেজ গোটৰ উদ্যোগত সহায় ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান ৰ সহযোগত এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয় শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত । ৰক্তদান সজাগতা শিবিৰত মূল বক্তা হিচাপে উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ ৷

ৰক্তদান আৰু সজাগতা শিবিৰ

লগতে উপস্থিত থাকে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা মিনু হাজৰিকা , নামতি আৰক্ষী থানাৰ আৰক্ষী বিষয়া দুলেন্দ্ৰ চেতিয়াৰ আৰু জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী ৰাণী কোঁৱৰ ৷ ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ লগতে সমাজ আৰু পৰিৱেশ সুস্থিৰ হৈ থাকিবৰ বাবে প্ৰতিজন ৰক্তদাতাকে বিতৰণ কৰা হয় একোটাকৈ গছ পুলি ।

Intro:Body:Samiran Duarah
Amguri

আমগুৰি, ৬ আগষ্ট:

নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৰক্তদান আৰু সজাগতা শিবিৰ।

ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, এই শ্ল'গানেৰে উব্ধুদ্ধ হৈ আজি আটাছু কলেজ গোটৰ উদ্যোগত সহায় ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান ৰ সহযোগত শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। সজাগতা শিবিৰত মূল বক্তা হিচাপে উপস্হিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ । তেওঁ ৰক্তদানৰ ওপৰত বিশেষ বক্তব্য ৰাখি যুৱ প্ৰজন্মক ৰক্তদানৰ প্ৰতি আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। সভাত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা মিনু হাজৰিকা , নামতি আৰক্ষী থানাৰ আৰক্ষী বিষয়া দুলেন্দ্ৰ চেতিয়াৰ লগতে জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী ৰাণী কোঁৱৰে বক্তব্য আগবঢ়াই। নুপূৰ নেওগে আঁত ধৰা সজাগতা সভাত সহায় ৰক্তদান অসমৰ শিৱসাগৰ এডমিন নিয়ৰ ৰাজে ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে বক্তব্য প্ৰদান কৰে। আৰক্ষী বিষয়া দুলেন্দ্ৰ চেতিয়াই নিজে ৰক্তদানেৰে উদ্ধোধন কৰা ৰক্তদান শিবিৰত নামতি আৰক্ষী থানাৰ গিতাৰ্থ চৌধুৰী, ছাত্ৰ একতা সভাৰ পৰা প্ৰেৰণা কলিতাৰ লগতে বহু যুৱক যুৱতীয়ে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে।
উল্লেখযোগ্য যে এই ৰক্তদান শিবিৰত বহু কলেজীয়া ছাত্ৰৰ লগতে কেইবাগৰাকী ছাত্ৰীয়েও ৰক্তদান কৰে। যি সময়ত ৰোগীৰ আত্মীয় যুৱকেই ৰক্তদানৰ পৰা বিৰত থাকে সেই সময়ত স্বইচ্ছাই ৰক্তদান কৰিবলৈ ছাত্ৰী সকল আগবাঢ়ি অহা দেখি উদ্যোক্তা টুলটুল হাজৰিকা, শান্তনু নিউ মৌং, বিশ্বজিত আৰন্ধৰাই ভূয়সী প্ৰশংসা কৰে। ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ লগতে সমাজ আৰু পৰিৱেশ সুস্থিৰ হৈ থাকিবৰ বাবে প্ৰতিজন ৰক্তদাতাকে একোটাকৈ গছ পুলি বিতৰণ কৰা হয়। এই ৰক্তদান শিবিৰত মুঠ ২২ জন ৰক্তদাতাই স্ব ইচ্ছাই ৰক্তদান কৰে। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.