আমগুৰি, 15 ফেব্ৰুৱাৰী: শিৱসাগৰত আছুৰ ধৰ্মঘট কাৰ্যসূচী ৷ নাগৰিকত্ব সংশােধন আইন ২০১৯, EIA 2020 বাতিলৰ লগতে চামগুৰিত আদৰ্শ চিকিৎসালয়, নামতিপুলৰ কাষত নির্মাণ কৰা দলং আৰু চেউনী আলি নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পন্ন কৰাৰো দাবী প্ৰতিবাদকাৰীসকলৰ ৷
সোমবাৰে আমগুৰি নগৰৰ চাৰিআলি সমীপত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ৷ আনহাতে, প্ৰতিবাদস্থলীৰ পৰাই আমগুৰি ৰাজহ চক্ৰ বিষয়াক এখনি স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি