শিৱসাগৰ, 30 মাৰ্চ : পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে স্বৰাজ প্ৰতিষ্ঠাৰ লক্ষৰে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত কৰা হৈছিল এক আদৰ্শ চিন্তা ৷ কিন্তু বৰ্তমান এই ব্যৱস্থা এক প্ৰহসনতহে পৰিণত হৈছে । পঞ্চায়তসমূহে ৰাইজৰ সেৱাৰ সলনি সভাপতি-সম্পাদকে নিজৰ সেৱাত ব্ৰতী থকাৰ ফলত বিভিন্ন পঞ্চায়তত সংঘটিত হৈছে ভয়াবহ দুৰ্নীতি (Panchayat Corruption at Holguri)। এই অভিযোগ শিৱসাগৰ জিলাৰ হ'লগুৰি পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ ।
অভিযোগ অনুসৰি হ'লগুৰি পঞ্চায়তত (Panchayat Corruption in Sivsagar)সংঘটিত হৈছে বহু অনিয়ম তথা দুৰ্নীতি। পথ অবিহনে ৰিং নিৰ্মাণ কৰি হ'লগুৰি পঞ্চয়াতবাসীক আভুৱা ভৰিছে । এই অভিযোগ হ'লগুৰিবাসীৰ ৷ ৰাইজে উল্লেখ কৰা অনুসৰি, বিষ্ণু নগৰৰ পথচোৱা ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিছিল ৷ কিন্তু আচৰ্যকৰ বিষয় যে, ৰাইজে নিজৰ পুঁজিৰে নিৰ্মাণ কৰা এই পথচোৱা পঞ্চায়তে নিৰ্মাণ কৰা বুলি চৰকাৰৰ পৰা মুকলাই আনিলে দেৰশ মিটাৰৰ পেভাৰ ব্লকৰ পুঁজি (Corruption at Holguri GP) ।
সেইদৰে এমজিএনৰেগাৰ অধীনত কলমৌ পৰিষ্কাৰ কৰাৰ নামত এই পঞ্চায়তে ব্যয় কৰিছে সাত লাখ টকা । কিন্তু এই বৃহৎ ধনৰাশি ক’লৈ গ’ল, কোনে ক’ত ব্যৱহাৰ কৰিলে কাৰো হাতত নাই কোনো তথ্য ৷ আনকি জানি আচৰিত হ’ব, এই বৃহৎ ধনৰাশি ব্যয় কৰাৰ পাচতো কলমৌ পৰিষ্কাৰ নহ’ল ৰাজহুৱা জলাশয়টোৰ পৰা ।
আনহাতে, হ'লগুৰিৰ পৰা ঐতিহাসিক জেৰেঙা পথাৰলৈ যোৱা পথটোৰ অৱস্থা তেনেই তথৈবছ । চৰম অৱহেলাৰ মাজত পৰি থকা এই পথচোৱাক লৈ এতিয়া ৰাইজৰ মাজত চৰম অসন্তুষ্টি । এনে বহু অভাৱ আৰু অভিযোগেৰে পৰিপূৰ্ণ হ'লগুৰি পঞ্চায়ত ৷ ইফালে পঞ্চায়ত প্ৰতিনিধি অথবা পদবিধাৰীসকলে এলেকাটোৰ উন্নয়নৰ সলনি নিজা উন্নয়নতহে গুৰুত্ব দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক : Corruption at Borghuli GP : বৰঘূলী পঞ্চায়তৰ পৰ্বতসম দুৰ্নীতিয়ে কঁপাইছে কলিয়াবৰ