ETV Bharat / state

Maha Shivratri Mela: শিৱ দৌলৰ শিৱৰাত্ৰী মেলাত অধিক দৰত দোকান আৱণ্টন

author img

By

Published : Feb 24, 2022, 10:03 PM IST

আগন্তুক শিৱৰাত্ৰী মহোৎসৱক লৈ তৎপৰ শিৱসাগৰ দৌল উন্নয়ন সমিতি (Maha Shivratri Mela preparation at Shiva Dol) ৷ দোকান বিতৰণৰ নামত কোটি টকা সংগ্ৰহ ৷ নিলামৰ জৰিয়তে দোকান বিতৰণক লৈ প্ৰতিক্ৰিয়া বিভিন্নজনৰ ৷

Maha Shivratri Mela preparation at Shiva Dol
শিৱ দ’লৰ শিৱৰাত্ৰী মেলাত অধিক দৰত দোকান আৱণ্টন

শিৱসাগৰ, 24 ফেব্ৰুৱাৰী : মহাশিৱৰাত্ৰী সমাগত ৷ আগন্তুক শিৱৰাত্ৰী মহোৎসৱক লৈ তৎপৰতা বৃদ্ধি পাইছে শিৱসাগৰ দৌল উন্নয়ন সমিতিৰ (Maha Shivratri Mela preparation at Shiva Dol)। ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই শিৱসাগৰ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰিছিল এই সুউচ্চ শিৱ দৌল ।

শিৱ পূজাৰ লগ্নৰ দিনা সোণৰ কলচি খচিৰ এই শিৱ দ'লত হাজাৰ হাজাৰ ভক্তই পূজা আগবঢ়াবলৈ আহে । শিৱ পূজাৰ লগতে প্ৰতি বছৰে অনুষ্ঠিত হয় এক মেলাৰ । য’ত অসমৰ লগতে অসমৰ বাহিৰৰ ৰাজ্যৰ পৰাও ব্যৱসায়ী আহি বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলে ।

শিৱসাগৰৰ শিৱ দৌলৰ শিৱৰাত্ৰী যিদৰে ভক্তি আৰু আস্থাৰ প্ৰতীক (Shivaratri Mahotsav at Shiva Dol), সেইদৰে শিৱ দৌলৰ শিৱৰাত্ৰী মেলা হৈছে আকৰ্ষণ আৰু মনোৰঞ্জনৰ কেন্দ্ৰ । কিন্তু বিগত কেইবছৰৰ পৰা দৌল উন্নয়ন সমিতিয়ে এই মেলাক কেৱল ধন ঘটাৰ এক মাধ্যমলৈ পৰিণত কৰিছে (Allotment of shops at Shiva Dol's Maha Shivratri Mela at high rates)। এই অভিযোগ একাংশ স্থানীয় ৰাইজৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, মেলাৰ বাবে দৌল উন্নয়ন সমিতিয়ে শ শ অস্থায়ী দোকানৰ ব্যৱস্থা কৰে । বিগত দিনবোৰত এই দোকানসমূহ এক নিৰ্দিষ্ট দৰৰ বিনিময়ত লটাৰীযোগে বিতৰণ কৰা হৈছিল । কিন্তু বিগত দুটামান বৰ্ষৰ পৰা লটাৰী নকৰি নিলামৰ দ্বাৰা বিতৰণৰ ব্যৱস্থা কৰিছে । যাৰ বাবে আগত ৫-৬ হেজাৰ টকাত লাভ কৰা দোকান ব্যৱসায়ীয়ে ১৮-২০ হাজাৰ টকাত ক্ৰয় কৰিব লগা হৈছে ।

এইবাৰ দ'ল উন্নয়ন সমিতিয়ে ৬০০ অস্থায়ী দোকানৰ ব্যৱস্থা কৰিছে । আৰু এইসমূহ নিলামৰ জড়িয়তে লাভ কৰিছে প্ৰায় ১ কোটি ২০ লাখ টকা । এইদৰে নিলামৰ জৰিয়তে অধিক দৰত বেপাৰীয়ে দোকান ক্ৰয় কৰিব লগা হোৱাত প্ৰভাৱ পৰে সাধাৰণ গ্ৰাহকৰ ওপৰত । এনে নিলাম ব্যৱস্থাৰ বাবে দিনক দিনে শিৱসাগৰৰ শিৱৰাত্ৰী মেলাত সা-সামগ্ৰীৰ দাম বৃদ্ধি পাব লাগিছে । দৌল উন্নয়ন সমিতিয়ে কেৱল ধন ঘটাৰ বাবেই এইদৰে দোকান বিতৰণ নিলাম প্ৰক্ৰিয়াৰ মাজেৰে কৰা বুলি ৰাইজে অভিযোগো উত্থাপন কৰিছে ।

উল্লেখ্য যে, শিৱৰাত্ৰী পূজা আৰু মেলা উদযাপনৰ বাবে বহুজাতিক কোম্পানীৰ পৰা ধন আৱণ্টন লোৱা দ'ল উন্নয়ন সমিতিয়ে আজিলৈকে শিৱৰাত্ৰী উৎসৱৰ পুঁজি সংগ্ৰহ আৰু খৰচৰ খতিয়ান ৰাজহুৱা কৰা নাই । আনহে নালাগে দৌল উন্নয়ন সমিতিয়ে আজিলৈকে দলৰ আয়-ব্যয়ৰ হিচাব ৰাজহুৱা নকৰাৰো অভিযোগ আহিছে । যাৰ বাবে পৱিত্ৰ দৌলক লৈ ৰাইজৰ ভক্তি আৰু বিশ্বাসক এক বজাৰলৈ পৰিণত কৰাৰো অভিযোগ তুলিছে সচেতন মহলে ।

লগতে পঢ়ক : Maha Shivaratri Preparation: ঐতিহাসিক শিৱদ'লত শিৱৰাত্ৰীৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.