ETV Bharat / state

সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ

শিৱসাগৰত উপস্থিত হ'ল বিধায়ক তথা কৃষক নেতা অখিল গগৈ ৷ শ শ শুভাকাংক্ষীৰ উষ্ম আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পিছত শনিবাৰে অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান। বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী । শিৱসাগৰৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমস্যাসমূহ পৰ্যায় ক্ৰমে সমাধানৰ পৰিকল্পনা প্ৰস্তুত কৰি কাৰ্যপন্থা হাতত লোৱা হ'ব বুলি মন্তব্য অখিল গগৈৰ ৷

অখিল গগৈৰ সমষ্টি পৰিদৰ্শন
author img

By

Published : Jul 3, 2021, 5:36 PM IST

Updated : Jul 3, 2021, 7:11 PM IST

শিৱসাগৰ, 3 জুলাই : বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় বিধায়ক তথা কৃষক নেতা অখিল গগৈ ৷ উপস্থিত হোৱা পাচতে 'ইনকিলাব জিব্দাবাদ' ধ্বনিৰে শিৱসাগৰবাসীয়ে আদৰণি জনায় ৰাইজৰ দলৰ নেতা সমষ্টিটোৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক (Akhil Gogoi) ৷ ৰংঘৰৰ বাকৰিত শৰণ লৈ শিৱসাগৰ বিধানসভা সমষ্টি (Sivsagar Constituency)ৰ বিধায়কৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে (Akhil Gogoi) ৷

শিৱসাগৰ সমষ্টি (Sivsagar Constituency)ৰ বিধায়ক অখিল গগৈ কাৰামুক্ত হোৱাৰ পিছত উপস্থিত হয় গৃহ সমষ্টিত । শ শ শুভাকাংক্ষীৰ উষ্ম আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পিছত শনিবাৰে অখিল গগৈয়ে (Akhil Gogoi) পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান । অখিল গগৈয়ে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত উপস্থিত হৈ পৰিদৰ্শন কৰে তাত থকা জয় দৌল, দেৱী দৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান ।

সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ

ইয়াৰ পিছতেই অখিল গগৈ উপস্থিত হয় জয়মতী মৈদাম, হৰ গৌৰী দেৱালয়ত । পৰিদৰ্শন কৰে ঐতিহাসিক তলাতল ঘৰ ।

অখিল গগৈয়ে (Akhil Gogoi) পুৱাই ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত প্ৰাতঃভ্ৰমণ কৰি পুখুৰীৰ পাৰ, ঐতিহাসিক শিৱ দৌল (Siva doul) চৌহদ আৰু যমুনা পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ লয় । অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা কঁপিকল যুক্ত দলং খনৰো বৰ্তমান অৱস্থাৰ বুজ লয় । এই পৰিদৰ্শন কালত ঐতিহাসিক স্থানসমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদীগ্ন হৈ পৰে বিধায়ক গৰাকী ।

ভৱিষ্যতৰ সময়ত ঐতিহাসিক কীৰ্তিচিহসমূহক লৈ বিধায়ক গৰাকীৰ পৰিকল্পনা সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰে । শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হ'ব ৷ শিৱসাগৰৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ পৰিকল্পনা প্ৰস্তুত কৰি কাৰ্যপন্থা হাতত লোৱা হ'ব ৷ সেইদৰে শিৱসাগৰক এক বৌদ্ধিক আৰু আধ্যাৎত্মিক কেন্দ্ৰলৈ পৰিণত কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক:অখিল গগৈক আদৰণি জনাবলৈ আহি জব্দ সমৰ্থকৰ গাড়ী

Last Updated : Jul 3, 2021, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.