শিৱসাগৰ,17 অক্টোবৰঃ শিৱসাগৰত জ্যেষ্ঠ সাংবাদিক-ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ৷ শিৱসাগৰৰ ৰাইজৰ লগত মত বিনিময় ৷ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে সম্বধৰ্না জনাই অজিত কুমাৰ ভূঞাক ৷ শিৱসাগৰ প্ৰেছ ক্লাৱত এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ অনুষ্ঠানত অংশ লৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা বিশিষ্ট সাংবাদিক তথা সাংসদ গৰাকীৰ ৷ বিজেপিক ব্ৰহ্মপুত্ৰলৈ নিক্ষেপ কৰাৰ আহ্বান সাংসদ ভূঞাৰ ৷ বিজেপিৰ ইছ্যু এতিয়া এটাই, সেইয়া মুছলমান বুলি উল্লেখ কৰে অজিত কুমাৰ ভূঞাই ৷
ইপিনে সৰ্বানন্দ সোণোৱাল- হিমন্ত বিশ্ব শৰ্মাক মেৰুদণ্ডহীন নেতা অভিহিত কৰে অজিত কুমাৰ ভূঞাই । দিল্লীয়ে বহিবলৈ ক'লে সৰ্বা-হিমন্তই চুঁচৰি মজিয়াত শুই দিয়ে বুলি অজিত ভূঞাই কটাক্ষ কৰা দেখা গ’ল ৷ ভাৰত এতিয়া গণতন্ত্ৰৰ হত্যাকাৰী । দেশ এতিয়া আম্বানী-আদানীৰ হাতত তুলি দিলে মোদী-শ্বাহে লগতে অগপকো তুলাধূনা দিয়ে অজিত ভূঞাই ৷ অনুষ্ঠানত মনজিৎ মহন্ত, লাচিত বৰদলৈ আৰু ৰাছেল হুছেইনৰো অংশ গ্ৰহণ ৷ সৰু-বৰ আঞ্চলিক শক্তিক একত্ৰিত হৈ অনাগত নিৰ্বাচনত বিজেপিক উৎখাতৰ আহ্বান অজিত ভুঞাৰ ৷
লগতে পঢ়কঃ ঢেকিয়াজুলিত উৎখাত ভুৱা চিকিৎসালয়