আমগুৰি, ১৩ ডিচেম্বৰঃ আমগুৰিত অসম গণ পৰিষদ দলৰ অসম ছাত্ৰ পৰিষদৰ নিৰ্বাচনৰ ২০২০-২১ বৰ্ষৰ সভাপতি পদৰ বাবে ১০ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থীত্ব ৷ সভাপতি পদৰ বাবে মাধুৰ্য বৰুৱা,আকাংক্ষা তামূলী, প্ৰিয়াক্ষী গগৈ, পাৰ্থপ্ৰতীম হাজৰিকা, চিৰঞ্জীৱ শইকীয়া, অয়নজ্যোতি গগৈ, বেদব্ৰত দুৱৰা, জ্যোতিপ্ৰসাদ কটকী, গৌৰৱ কটকী, অনুপল বৰুৱাই প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷
উল্লেখ্যযোগ্য যে, অসমৰ ভিতৰত আমগুৰি বিধান পৰিষদতে প্ৰথম অসম ছাত্ৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । যুৱ প্ৰজন্মক ছাত্ৰ নিৰ্বাচনৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আৰু অসম গণ পৰিষদত যুৱ প্ৰজন্মক আগবঢ়াই আনিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত যতীন বৰা আৰু বিদ্যাসাগৰ