ETV Bharat / state

শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jan 10, 2021, 8:07 AM IST

শনিবাৰে নিশা শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰুতি চুজুকী আৰু টাটা নেন’ৰ মাজত মুখামুখি সংঘৰ্ষ ৷

sivasagar accident
শিৱসাগৰত পথ দুৰ্ঘটনা

শিৱসাগৰ,10 জানুৱাৰী : শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-04-S-6712 নম্বৰৰ মাৰুতি চুজুকী এখনৰ সৈতে AS-04-P-9309 নম্বৰৰ টাটা নেন’ৰ হোৱা মুখামুখি সংঘৰ্ষৰ ফলত চূৰ্ণ-বিচূৰ্ণ হয় দুয়োখন বাহন ৷

sivasagar accident
শিৱসাগৰত পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, টাটা নেন’ বাহনখনে বিপৰীত দিশৰ পৰা অহা মাৰুতি চুজুকী বাহনখনক খুন্দিয়াই ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা দ’ গাঁতত বাগৰি পৰে ।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে টাটা নেন’ৰ চালক-আৰোহী ৷ আনহাতে, সংকটজনক অৱস্থাত মাৰুতি চুজুকীৰ চালকক শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ধিঙত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.